নগাঁও

কা-ৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহাঃ নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ। প্ৰতিটো দল সংগঠনে কা বিৰুদ্ধে গঢ়ি তুলিছে গণতান্ত্ৰিক আন্দোলন।

সমান্তৰালভাৱে মঙলবাৰে ৰহাৰ নতুন চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতি আৰু অসম জাতীয় পৰিষদে 'কা'ৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিকৃতিৰ লগতে "কা"ৰ প্ৰতিলিপি।

কা- বাতিল নকৰিলে এই আন্দোলনৰ ধাৰা অব্যাহত ৰখাৰ হুংকাৰ‌ প্ৰদানৰ লগতে কয় যে জাতীয় নায়ক বুলি কোৱা সৰ্বানন্দ সোণোৱালক ৰাইজে এতিয়া চিৰ জীৱন জাতীৰ গাড্ডাৰ বুলি জানিব । লগতে অসমীয়াৰ অন্তৰৰ কথা বুজি নোপোৱা এই চৰকাৰখনক ৰাইজে আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বুলিও সঁকিয়াই দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে।