নগাঁও

কাজিৰঙাৰ বুঢ়াপাহাৰত তীব্ৰ বেগী বাহনৰ খুন্দাত দুষ্প্ৰাপ্য টুপিমুৰীয়া বান্দৰৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক অঘটন৷ তীব্ৰ বেগী বাহনৰ খুন্দাত বুঢ়াপাহাৰৰ এনিমেল কৰিডৰত দুষ্প্ৰাপ্য Caped Langur অৰ্থাৎ টুপিমুৰীয়া বান্দৰৰ মৃত্যু হৈছে ৷

এই ঘটনা সংঘটিত কৰিয়েই অচিনাক্ত বাহনখন পলায়ন কৰে ঘটনাস্থলীৰ পৰা৷ পৰৱৰ্তী সময়ত নগাঁও জিলা পৰিবহণ বিভাগৰ ইন্টাৰচেপ্টৰ বাহন উপস্থিত হৈ বান্দৰৰ মৃতদেহটো উদ্ধাৰ কৰি বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, কাজিৰঙাৰ ৰাজপথত যানবাহনৰ গতীবেগ নিয়ন্ত্ৰণ কৰিবলৈ সংস্থাপন কৰা চেঞ্চৰ কেমেৰাসমূহ দীৰ্ঘদিন ধৰি বিকল হৈ আছে। আনহাতে, ৰাজপথৰ যান-বাহনৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ এই কেমেৰাসমূহ মেৰামতি কৰাৰ বাবে বনবিভাগৰ হাতত পুঁজিৰ অভাৱ বুলিও ইতিমধ্যে স্বীকাৰ কৰিছে৷

লক্ষণীয় কথাটো হ’ল, শেহতীয়াকৈ কেইবাটাও বন্যপ্ৰাণীয়ে ৰাজপথত বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটি লগা হৈছে৷ ইপিনে, কেমেৰা বিকল হোৱাৰ ফলত কাজিৰঙাৰ ৰাজপথত তীব্ৰ বেগী বাহনৰ খুন্দাত বহু বন্যপ্ৰাণীৰ মৃত্যু হৈছে যদিও কাণসাৰ নাই বন বিভাগৰ।