ইচ্ছাকৃতভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃতকৰণঃ হোজাইৰ মহিলাৰ বিৰুদ্ধে গোচৰ ৰুজু... 
নগাঁও

ইচ্ছাকৃতভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃতকৰণঃ হোজাইৰ মহিলাৰ বিৰুদ্ধে গোচৰ ৰুজু...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাওঁঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত বিকৃতকৰণক লৈ ক্ষোভত ফাটি পৰিছে নগাঁৱৰ শিল্পী সমাজ। সামাজিক মাধ্যম ফেচবুকত 'মা আফিয়া' নামৰ এটা পেজৰ জৰিয়তে এগৰাকী মহিলাই ধাৰাবাহিকভাবে বিভিন্নগীত ধাৰাবাহিকভাৱে বিকৃতকৰণেৰে উপস্থাপন কৰি আহিছিল। কিন্তু শেহতীয়াকৈ এই পেজটোৱে সকলো সীমা যেন অতিক্ৰম কৰিছে।

এই পেজটোৰ জৰিয়তে গীত বিকৃতকৰণ কৰি ভাইৰেল হোৱাৰ মানসিকতাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এক কালজয়ী গীত বিকৃতকৰাত ক্ষোভিত হৈ পৰিছে নগাওঁ শিল্পীসমাজ। ফলশ্ৰুতিত নগাঁৱৰ সোণাইপৰীয়া শিল্পী মঞ্চই জাজৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

বিষ্ণুপ্ৰসাদ ৰাভাৰ 'বিলতে হালিছে ধুনীয়া পদুমী' শীৰ্ষক যুগজয়ী গীতটিক ইচ্ছাকৃতভাৱে বিকৃত কৰিছে পেজটোৰ গৰাকী হোজাইৰ এগৰাকী মহিলাই। মহিলাগৰাকীয়ে সামাজিক মাধ্যমত ভাইৰেল হৈ ভিউজ পাবলৈকে গীতটিৰ সুৰ আৰু কথা বিকৃত কৰি আপলোড কৰিছে ফেচবুক, ইউ টিউবত।

সেয়ে তেওঁৰ এনে বিকৃত মানসিকতাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে সাংস্কৃতিক মহল। মহিলা গৰাকীক ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈয়ো সকিয়নী সোণাইপৰীয়া শিল্পী সমাজৰ হৈ শিল্পী কানু কন্দলি আৰু জিতু শ্ৰাৱনৰ।