himanta  
নগাঁও

কংগ্ৰেছৰ দিনত ৰাজ্যত তিনিশৰো বেছি মথাউৰি ছিগিছিল : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ , নগাঁও : বুধবাৰে বিয়লিৰ ভাগত কলিয়াবৰৰ হাতীমূৰাত ভগ্ন মথাউৰি আৰু অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পোনে পোনে নগাঁৱৰ কৰৈয়ণী বাৰেগঞা মন্দিৰত উপস্থিত হয়হি।

মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰত ভকত বৈষ্ণৱৰ আগত শিৰ নত কৰি আশীষ লোৱাৰ লগতে বাৰেগঞা সমাজৰ লগত কিছু সময় মতবিনিময় কৰে। এইদৰে মুখ্যমন্ত্ৰীক কাষত পায় আনন্দিত হৈ পৰে ভকত-বৈষ্ণৱসকল।

তদুপৰি, তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক খোল বাদনৰে উঞ্চ আদৰণি জনায়। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীৰ সহযোগ কৰে বিধায়কদ্বয় ৰূপক শৰ্মা আৰু জিতু গোস্বামীয়ে।

ইয়াৰ পিছত মুখ্যমন্ত্ৰী ড০ শৰ্মা সন্ধ্যা উপস্থিত হয়হি মৰিকলংস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত। তাত তেওঁ কিছু সময় দলীয় নেতা-কৰ্মীৰ সৈতে চাহমেলত অংশ লৈ সংবাদ মাধ্যমৰ আগত কয়, "কংগ্ৰেছৰ দিনত ৰাজ্যখনত তিনিশৰো বেছি মথাউৰি ছিগিছিল আৰু বিজেপিৰ দিনত মাত্ৰ চাৰিখনহে মথাউৰি ভাঙিছে। ইয়াৰ পিছত মথাউৰি সন্দৰ্ভত কি ক'ব লগা থাকে বুলি তেওঁ মন্তব্য কৰে।

আনহাতে, আজি নগাঁৱত উপস্থিত হৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে অসমত বিজেপি ব্যৰ্থ হোৱা বুলি দাবী কৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিচৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ৰাইজেতো কোৱা নাই। গগৈয়ে কিয় এইদৰে ক'লে তেওঁহে জানিব বুলি মন্তব্য কৰে।

ইপিনে পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত ড০ শৰ্মাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ বিষয়টো নিজ নিজ সমষ্টিৰ বিধায়কৰ ওপৰত নিৰ্ভৰ কৰিব। পঞ্চায়ত নিৰ্বাচনত ক্ষেত্ৰভিত্তিক মিত্ৰতা হয় বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।