নগাঁও

 কামপুৰত হাৰিয়া নৈত গা ধুবলৈ গৈ শিশুৰ সলিল সমাধি

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ কাকতি গাওঁ ২ নং বৰুৱাবালিত দেওবাৰে হাৰিয়া নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এটি ৮ বছৰীয়া শিশুৰ । প্ৰাপ্ত খবৰ অনুসৰি, দিলোৱাৰ হুছেইন নামৰ ৮ বছৰীয়া শিশুটোৱে সমনীয়াৰ সৈতে হাৰিয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হয় ।

স্থানীয় লোকৰ খবৰৰ ভিত্তিত এচ ডি আৰ এফৰ দল উপস্থিত হৈ ৰাইজৰ সহায়ত উদ্ধাৰ অভিযান চলাই দিলোৱাৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰে । ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।