নগাঁও

বটদ্ৰৱাত কণ কণ শিশুৰ ভাওনা প্ৰদৰ্শন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মস্থান বটদ্রৱাত ৰোপণ কৰিছিল অসমীয়া জাতীয় সংস্কৃতিৰ বীজ। সেই বীজ পৰিস্ফুত হৈ সমগ্ৰ বিশ্বতে এক সংস্কৃতিবান জাতি হিচাপে ঠিয় দি আছে অসমীয়া জাতি।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সংস্কৃতিৰ অন্যতম হৈছে ভাওনা। অসমীয়া জাতিৰ পৰিচয় স্বৰূপ এই ভাওনা সংস্কৃতিৰ মত্ত হ'ল বটদ্ৰৱাৰ কণকণ শিশু৷ এই কণকণ শিশুৰ অভিনয়েৰে শনিবাৰে নিশা অনুষ্ঠিত হ'ল অভিমন্যু বধ ভাওনা। যি সময়ত নৱ প্ৰজন্ম অপসংস্কৃতিৰ প্ৰতি ধাৱিত হৈছে, সেই সময়ত হাতে হাতে গদা, ধনু কাঁৰ লৈ শ্ৰীকৃষ্ণ, অভিমন্যু, পাণ্ডৱ, কৌৰৱৰ অভিনয়ৰে দ্বিতীয় বৈকুণ্ঠ যেন পৰিবেশৰ সৃষ্টি কৰিলে এইসকল নৱপ্ৰজন্মই।

সাত দিনীয়াকৈ আয়োজন কৰা ভাগৱত পাঠৰ সামৰণিৰ লগত সংগতি ৰাখি শনিবাৰে নিশা বটদ্ৰৱাৰ শিশুসকলৰ দ্বাৰা প্ৰদৰ্শিত কৰা হয় গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা। উল্লেখ্য যে, শিশু সকলৰ অভিনয়েৰে পৰিৱেশন কৰা এই ভাওনা চাবলৈ বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সন্মুখৰ অস্থায়ী মণ্ডপত হেজাৰ হেজাৰ দৰ্শক উপস্থিত হয়।