নগাঁৱত চুতীয়া যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট... 
নগাঁও

নগাঁৱত চুতীয়া যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত আৰু সদৌ অসম চুতীয়া যুৱ সন্মিলন নগাঁও জিলা সমিতিৰ সহযোগত বৃহস্পতিবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সন্মিলনৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে চুতীয়া জনগোষ্ঠীক ভৈয়াম জনজাতি মৰ্যাদা প্ৰদান কৰা আৰু চুতীয়া জনগোষ্ঠীক উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ মৰ্যদা প্ৰদান কৰাকে ধৰি বিভিন্ন দাবীৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য যে চুতীয়া জনগোষ্ঠীৰ লোকসকলে এইসমূহ দাবী দীৰ্ঘদিনে চৰকাৰক উত্থাপন কৰি আহিছে।

বিগত সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই দাবীসমূহ পূৰণৰ আশ্বাস প্ৰদান কৰিছিল যদিও আজিলৈকে কাৰ্যকৰী নকৰাত চুতীয়া জনগোষ্ঠীৰ লোকসকল ক্ষোভিত হৈ পৰিছে। আগন্তুক দিনত চৰকাৰে এই দাবীসমূহ পূৰণ নকৰিলে চুতীয়া জনগোষ্ঠীৰ লোকসকলে ৰাজপথলৈ ওলাই আহি জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ প্ৰদান কৰে।

প্ৰতিবাদী কাৰ্যসূচীত সদৌ চুতীয়া জাতি মহিলা সন্মিলন আৰু চুতীয়া যুৱ সন্মিলনেও সহযোগিতা আগবঢ়ায়।