নগাঁও

নগাঁৱত শাস্ত্ৰীয় সংগীতৰ কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱত শাস্ত্ৰীয় সংগীতৰ এক চৰ্চা পুনৰ আৰম্ভ কৰাৰ মানসেৰে উঠি অহা নৱপ্ৰজন্মৰ মাজত শাস্ত্ৰীয় সংগীতে যাতে স্থান লাভ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই শাস্ত্ৰীয় সংগীতৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। শাস্ত্ৰীয় সংগীত মঞ্চ,নগাঁৱৰ উদ্যোগত আৰু নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগ তথা আদিত্য ষ্ট্ৰীট ফুডছ্ নগাঁৱৰ সহযোগত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ পাঁচদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে ৷

সেই উদ্দেশ্যে ২জুলাইৰ পৰা ৬ জুলাইলৈ আয়োজিত হৈ থকা নগাওঁ‌ বিশ্ববিদ্যালয়ৰ বৰদলৈ ভৱনত কৰ্মশালাটিত বিশেষজ্ঞ পাতিয়ালা ঘৰানাৰ প্ৰসিদ্ধ গায়ক পণ্ডিত জগদীশ প্ৰসাদ পণ্ডিতজীৰ অন্যতম শিষ্য, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অতিথি প্ৰাধ্যাপক, কলিকতা অনাতাঁৰ আৰু দুৰদৰ্শনৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী পণ্ডিত উজ্জ্বল দত্তই ৷ উল্লেখ্য যে কৰ্মশালাত বহুকেইটা বিষয়ৰ ওপৰত পাঠদান আগবঢ়োৱাৰ লগতে বেহেলা,বাঁহী, চেতাৰ আদিৰ ছাত্ৰ-ছাত্ৰীয়েও ৰাগশিক্ষাৰ কৰ্মশালাটিত অংশগ্ৰহণ কৰিছে৷ বৰ্তমানলৈকে অৰ্দ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাটি অহা ৬ জুলাইত এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানৰে সমাপ্ত হ'ব বুলি উদ্যোগক্তা সমিতিয়ে জানিব দিছে ৷