কঠীয়াতলী শিক্ষাখণ্ডৰ অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালাৰ সামৰণি.. 
নগাঁও

কঠীয়াতলী শিক্ষাখণ্ডৰ অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালাৰ সামৰণি..

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ সৌজন্যত কচুৱা তিনিআলি প্রাথমিক বিদ্যালয়ত খণ্ড পৰ্যায়ৰ পাঁচ দিনীয়া অনুষ্ঠিত হোৱা প্রাক শৈশৱ যতন আৰু শিক্ষাৰ ওপৰত শিক্ষক, শিক্ষয়িত্ৰীসকলৰ এক অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আজি সামৰণি পৰে। কচুৱা তিনিআলী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা পাঁচ দিনীয়া অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালাত কঠিয়াতলী শিক্ষা খণ্ডৰ ৮ টা সমল কেন্দ্ৰৰ ৩০ গৰাকী বিভিন্ন বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰীয়ে অংশগ্ৰহন কৰে।

কণ কণ শিশুসকলে বিদ্যালয়মুখী হোৱা আৰু উচিত শিক্ষা গ্ৰহণ কৰিব পাৰে সেই বিষয়ে এই অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালা অনুষ্ঠিত কৰা হয়। কঠীয়াতলী শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সমল ব্যক্তি অনুৰুদ্ব কুৰ্মীৰ সহযোগত অনুস্থিত হোৱা অনুষ্ঠানত উপস্থিত থাকে কঠীয়াতলী শিক্ষা খণ্ডৰ সমল ব্যক্তি কামাল উদ্দিন আহমেদ, টঙ্কেশ্বৰ বৰদলৈ আদি।