কলিয়াবৰৰ তেল চুৰি ঘটনাৰ নতুন মোৰঃ বিধায়ক পুত্ৰৰ পিছত এইবাৰ গাঁও প্ৰধানকো গ্ৰেপ্তাৰ... 
নগাঁও

কলিয়াবৰৰ তেল চুৰি ঘটনাৰ নতুন মোৰঃ বিধায়ক পুত্ৰৰ পিছত এইবাৰ গাঁও প্ৰধানকো গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ পিতৃ বিধায়ক হোৱাৰ সুবাদতে ক্ষমতাৰ ৰাগীত বলিয়ান হৈ অবৈধ আৰু অপৰাধ মূলক কৰ্মকাণ্ডত হাতউজান দি ধন ঘটাৰ বাসনাত উন্মাদ হৈ উঠা ৰকিবুল হুদাৰ শেহতীয়াকৈ উন্মোচন হোৱা ঘটনাৱলী সম্প্ৰতি সৰ্বত্ৰে চৰ্চিত হৈছে ৷ উল্লেখ্য যে, নগাঁও জিলাৰ কলিয়াবৰৰ তেল চুৰিকাণ্ডৰ ঘটনাৰ ন ন তথ্য উদঘাটন কৰাৰ বাবে নগাঁৱৰ আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে।

এইক্ষেত্ৰত নগাঁও আৰক্ষী কিছু সফল হৈছে। দেওবাৰে নিশা ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ তথা আমছুৰ নেতা ৰকিবুল হুদাক গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে দুপৰীয়া চামগুৰিৰ খলিহামাৰীৰ গাঁওপ্ৰধান দিল মহম্মদক গ্ৰেপ্তাৰ কৰাৰ পিছত তেল চুৰিকাণ্ডই নতুন মোৰ লৈছে।

এগৰাকী চৰকাৰী গাঁওপ্ৰধান তেল চুৰিৰ দৰে অপৰাধমূলক কামত জড়িত হোৱা কাৰ্যই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা তেলচুৰিৰ লগত জড়িত অপৰাধী কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গাঁওপ্ৰধান জনক গ্ৰেপ্তাৰ কৰি অধিক তথ্য আহৰণৰ বাবে জেৰা কৰে।

জানিব পৰা মতে দিল মহম্মদে তেলচুৰি চক্ৰটোক বিভিন্ন প্ৰকাৰে সহযোগিতা কৰিছিল। আৰক্ষীয়ে জনোৱা মতে এই চক্ৰটোৱে আমণি আৰু নলতলি-চুলুঙৰ মাজত হাতীবন্ধাৰ ওচৰত এটা স্থান নিৰ্বাচন কৰি টেংকাৰৰ পৰা তেলচুৰিৰ বাবে সক্ৰিয় হয়।

আনকি তেওঁলোকে আৰক্ষীক মেনেজ কৰাৰো চেষ্টা চলাইছিল। আৰক্ষীয়ে গোপন সূত্ৰে এই খবৰ লাভ কৰি অতি সন্তৰ্পনে চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই ২ আগষ্টত পাঁচগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই চক্ৰটোৰ অন্যতম খলিহামাৰীৰ ইব্ৰাহিম আলিৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে সেই নিশাই বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক বিচাৰি গুৱাহাটী, নগাঁও, ৰূপহীত অভিযান চলাই। দেওবাৰে সন্ধিয়া ৰকিবুল হুদাই উলুৱনী থানাত আত্মসমৰ্পণ কৰাৰ পিছত ৰকিবুলক কলিয়াবৰ আৰক্ষী থানালৈ আনি নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই দুঘণ্টাৰো অধিক সময় জেৰা কৰাৰ পিছত মাজনিশা গ্ৰেপ্তাৰ কৰে।

এজন জনপ্ৰতিনিধি তথা বিধায়কৰ পুত্ৰ এনেধৰণৰ অপৰাধমূলক কামত জড়িত থকা কাৰ্যত সকলোৱে আশ্বৰ্য প্ৰকাশ কৰিছে। আৰক্ষীয়ে বিধায়ক হুদাৰ পুত্ৰ তেলচুৰিৰ ঘটনাৰ লগত জড়িত থকাৰ পৰ্যাপ্ত তথ্য লাভ কৰিছে।

ইপিনে আজি আৰক্ষীয়ে ৰকিবুল হুদা আৰু গাঁওপ্ৰধান দিল মহম্মদক কলিয়াবৰৰ আদালতত হাজিৰ কৰাই তিনিদিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। দুয়োকে মঙ্গলবাৰে পুনৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰাব লাগিব।

ইফালে ৰকিবুল হুদাৰ হৈ অধিবক্তাই আদালতত জামিন আবেদন দাখিল কৰে যদিও এই জামিন আবেদন আদালতে অগ্ৰাহ্য কৰে। উল্লেখ যে, আৰক্ষীয়ে ইতিপূৰ্বে এই সন্দৰ্ভত খলিহামাৰীৰ ইব্ৰাহিম আলি,তেজপুৰৰ আলম আলি, আব্দুল জলিল বাগৰিৰ জামাল উদ্দিন আৰু তাহেৰ আলিক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে উলুৱনী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/,৪১১ ধাৰাৰ অধীনত ৮৮/২৪ নম্বৰৰ এক গোচৰ তৰি তেলচুৰিৰ লগত জৰিত ৭জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।