নগাঁও

কঠীয়াতলীত গৰুচোৰক লৈ উত্তেজনা

Asomiya Pratidin

ডিজিটেল সংবাদ, কঠীয়াতলীঃ নগাঁও জিলাৰ কঠীয়াতলী আৰক্ষী পহৰা চকীৰ অৰ্ন্তগত কঠীয়াতলী অৰ্ধ সাপ্তাহিক বজাৰত গৰু চুৰি ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হয়। গৰু চোৰ হোৱাকলৈ সন্দেহবসত এজন লোকক কঠীয়াতলী আৰক্ষীয়ে আটক কৰি মাৰধৰ কৰাৰ অভিযোগ ৰাইজৰ ।

আৰক্ষীয়ে লোক জনক আটক কৰাৰ পিছত বজাৰত উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয় । ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষীয়ে এগৰাকী মহিলা সহ কেইবাজনো লোকক প্ৰহাৰ কৰে। এই ঘটনাকলৈ ৰাইজ আৰু আৰক্ষীৰ মাজত তীব্ৰ বাকযুদ্ধ হোৱা দেখা যায় । উল্লেখযোগ্য যে ঘটনাৰ তদন্ত পিছত প্ৰকৃত সত্য পোহৰলৈ আহিব যদিও সমগ্ৰ ঘটনাক লৈ এক তীব্ৰ উত্তেজনাই বিৰাজ কৰে।