নগাঁও

মুকলি নসত্ৰ জ্ঞান দীপ্তি যুৱক সংঘৰ সৌজন্যত সাংস্কৃতিক অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মুকলি নসত্ৰ জ্ঞান দীপ্তি যুৱক সংঘৰ সৌজন্যত বিগত বৰ্ষৰ দৰে এইবেলিও দিনযোৰা কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন প্ৰতিভা সন্ধানী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। কাৰ্যসূচী অনুসৰি কাইলৈ ১ জুনৰ পুৱা পতাকা উত্তোলনৰ পাছত নাম প্ৰসঙ্গ অনুষ্ঠিত হ'ব।

পুৱা ১০ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আৰম্ভ হ'ব। বিয়লি ২ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সকলো বয়সৰ প্ৰতিযোগীৰ বাবে মুকলি এই কুইজ প্ৰতিযোগিতা খনি দলীয় শাখাত অনুষ্ঠিত হ'ব। জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰিবলগীয়া কুইজ প্ৰতিযোগিতা খনিৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলক মানপত্ৰ, নগদ ধন আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হ'ব।

বিয়লি ৪ বজাত বন্তি প্ৰজ্বলন, মঞ্চ উদ্বোধন, বৰগীত পৰিৱেশন, জেং বিহু পৰিৱেশনৰ পাছত একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। মুকলি নসত্ৰ পুৰণি কীৰ্ত্তনঘৰৰ চোতালত শনিবাৰে অনুষ্ঠিত হবলগীয়া সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে সমিতিৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ বৰা, সভাপতি বিপুল বৰা, সম্পাদক বিষ্ণু বৰাই।