নগাঁও

কপিলী নদীত সাতুৰিবলৈ গৈ এজনৰ মৃত্যু...

Asomiya Pratidin
  • ৰহাৰ শিলভেটাত কপিলী নদীত এটা মৃতদেহ উদ্ধাৰ হৈছে।

  • মৃতদেহটো ৰহাৰ দীঘলীআটিৰ ছফিকুল হকৰ বুলি জানিব পৰা হৈছে।

  • বুধবাৰে বিয়লি কপিলী নদী সাতুৰি পাৰ হ'বলৈ যাওঁতেই নদীত ডুবি সন্ধানহীন হৈ আছিল ব্যক্তিজন।

  • পিচত SDRF এ লোকজনক উদ্ধাৰৰ বাবে অভিযান চলাইছিল যদিও সফল হোৱা নাছিল।

  • বৃহস্পতিবাৰে SDRF এ পুনৰ অভিযান চলাই অৱশেষত ঘটনাস্থলীৰ পৰা কিছু নিলগত উদ্ধাৰ কৰে ছফিকুলৰ মৃতদেহ।