নগাঁও

পঞ্চভূতত বিলীন হ'ল নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ নশ্বৰদেহ

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ পঞ্চভূতত বিলীন হ'ল বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ নশ্বৰদেহ। শনিবাৰে নিশা আকস্মিকভাৱে বিয়োগ ঘটিছিল সত্ৰাধিকাৰগৰাকীৰ।

নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্য়ুবৰণ কৰা দেৱানন্দ দেৱগোস্বামীৰ নশ্বৰদেহ নিশাই বটদ্ৰৱাৰ বাসগৃহলৈ অনা হয়। বাসগৃহত তেওঁক ভকত বৈষ্ণৱ, গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায়।

ইয়াৰ পাছত ভকত বৈষ্ণৱে কল্যাণ খৰমান গায় সত্ৰাধিকাৰগৰাকীক লৈ শেষ যাত্ৰা কৰে। নিশাই বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰত সত্ৰাধিকাৰগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।