নগাঁওৰ নতুন বজাৰত "দেবাঞ্জনা কালেকছন" নামৰ বিপণী মুকলি...  
নগাঁও

নগাঁওৰ নতুন বজাৰত "দেবাঞ্জনা কালেকছন" নামৰ বিপণী মুকলি...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও চহৰৰ নতুন বজাৰত "দেবাঞ্জনা কালেকছন" নামৰ এখনি নতুন বিপণী আজি মুকলি কৰা হয়। উক্ত মুকলি অনুষ্ঠানটিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অভিনেত্ৰী অংকিতা শইকীয়া উপস্থিত থাকি মাংগলিক অনুষ্ঠানৰ মাজেৰে শুভাৰম্ভ কৰে।

অনুষ্ঠানটিত বিধায়কগৰাকী কয় যে "মহিলাসকলৰ কাৰণে মুকলি কৰা বিপণীখন অসমীয়া গহণাৰ লগতে অসমীয়া সাজপাৰ সুন্দৰকৈ ৰখা হৈছে। মহিলাসকলে নিজৰ মন পছন্দৰ অনুসৰি কাপোৰ ইয়াৰ পৰা ল'ব পাৰিব।

ইফালে সকলো শ্ৰেণীৰ গ্ৰাহকে উচিত মূল্যতে তেওঁলোকৰ পচন্দৰ কাপোৰ ইয়াৰ পৰা ল'ব পাৰিব বুলি জানিবলৈ দিয়ে স্বতাধিকাৰী তৃষ্ণা বৰাই। অভিনেত্ৰী অংকিতা শইকীয়াই কয়- তৃষ্ণা বৰাৰ উদ্যমী মনক উৎসাহিত কৰি সকলো নগাঁওবাসী ৰাইজে এই বিপণীখনলৈ আহক।