নগাঁও

'আদৰ্শ বিদ্যালয় বটদ্ৰৱা'ত ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : বটদ্ৰৱা সমষ্টিৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড(CBSE) অধীনস্থ একমাত্ৰ শিক্ষানুষ্ঠান 'আদৰ্শ বিদ্যালয় বটদ্ৰৱা'ত ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে সহ পাঠ্যক্ৰমৰ অধীনত শুকুৰবাৰে এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। "বৰ্তমানৰ প্ৰেক্ষাপটত উচ্চ শিক্ষাত জাতিগত সংৰক্ষণ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়" শীৰ্ষক বিষয়ৰ তৰ্ক প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে আদৰ্শ বিদ্যালয় বটদ্ৰৱাৰ অধ্যক্ষ ৰঞ্জিৎ পোখ্ৰেলে।

শুভাৰম্ভণি ভাষণত অধ্যক্ষগৰাকীয়ে কয়- "তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ অনুসন্ধিৎসু মনৰ বিকাশৰ লগতে ভিন্ন শিতানত তেওলোকৰ উৎকৰ্ষতা বাঢ়ে"। বিদায়লয়ৰ ভূগোল বিষয়ৰ শিক্ষক দেৱ জ্যোতি দত্ত শইকীয়াই আঁত ধৰা তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষৰ আসন অলংকৃত কৰে বটদ্ৰৱাৰ সাংবাদিক তথা ষ্টেম(STEM) বিষয়ৰ প্ৰশিক্ষক দিব্যজ্যোতি বৰুৱাই।

শিক্ষক গগন নেপাল, কুন্তলা কল্যাণী সন্ধিকৈ, ৰঞ্জিত কুমাৰ শ্বাহে বিচাৰকৰ আসন গ্ৰহণ কৰে। তৰ্ক প্ৰতিযোগিতাখনিত বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীত অধ্যয়নৰত ২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সপক্ষে আৰু বিপক্ষে যুুক্তি তৰ্ক আগবঢ়ায়। প্ৰেৰণা শইকীয়া,অনুৰাগ ভৰালী,শিৱম সুভাষ বৰাই পৰিবেশন কৰা বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মৰা হয়।