শৰীৰ চৰ্চাৰে দৃষ্টি কাঢ়িছে দেৱদত্তইঃ লাভ কৰিছে স্পনচৰশ্বিপো... 
নগাঁও

শৰীৰ চৰ্চাৰে দৃষ্টি কাঢ়িছে দেৱদত্তইঃ লাভ কৰিছে স্পনচৰশ্বিপো...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ শৰীৰ চৰ্চা আৰু ভাৰোত্তোলনৰ জৰিয়তে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে কলিয়াবৰৰ মিছামুখৰ এজন ছাত্ৰই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত শৰীৰ চৰ্চা আৰু ভাৰোত্তোলনৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে কলিয়াবৰৰ মিছামুখৰ ৰিজি তিমুং আৰু ৰীতা বৰদলৈৰ পুত্ৰ দেৱদত্ত তিমুঙে।

২০২১ চনৰ পৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ আৰু অনুশীলন অব্যাহত ৰখা ২২ বছৰীয়া দেৱদত্তই ২০২২ চনত মিষ্টাৰ শোণিতপুৰ, ২০২৩ চনত মিষ্টাৰ কলিয়াবৰ, কনিষ্ঠ শাখাত মিষ্টাৰ নগাঁও আদি খিতাপ অৰ্জন কৰাৰ উপৰি ২০২৪ চনত হোজাইত অনুষ্ঠিত ভাৰোত্তোলন প্ৰতিযোগিতাত ষ্ট্ৰং মেন খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি মহাবিদ্যালয়তো শ্ৰেষ্ঠ শৰীৰ চৰ্চাবিদ আৰু শ্ৰেষ্ঠ ভাৰ উত্তোলনৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাষিকৰ ছাত্ৰ দেৱদত্ত তিমুঙে।

শৰীৰ চৰ্চা আৰু ভাৰোত্তোলনৰ ক্ষেত্ৰখনত ভবিষ্যতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰাৰ সপোন পুহি ৰাখিছে দেৱদত্তই। উল্লেখ্য যে, নিয়মিত শৰীৰ চৰ্চাৰ অনুশীলন অব্যাহত ৰখা দেৱদত্ত তিমুঙে সামাজিক মাধ্যমত নিজৰ অনুশীলনৰ ভিডিঅ' আপলোড কৰি শৰীৰ চৰ্চাৰ বাবে প্ৰয়োজনীয় খৰচ মোকলোৱাৰ লগতে দেশৰ আগশাৰীৰ দহটাৰো অধিক শৰীৰ চৰ্চাবিদৰ বাবে প্ৰয়োজনীয় খাদ্য উপাদান প্ৰস্তুতকাৰী ব্ৰেণ্ডৰ স্পনচৰশ্বিপো লাভ কৰিবলৈ সক্ষম হৈছে।