নগাঁও

বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিজিটেল পুথিভঁৰাল মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ ,বঢ়মপুৰ : নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ঐতিহ্যমণ্ডিত বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে এটি অত্যাধুনিক ডিজিটেল পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰ উদ্বোধন কৰা হয় । নৱনিৰ্মিত পুথিভঁৰালটো উদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।

উদ্বোধনী অনুষ্ঠানত বঢ়মপুৰ অঞ্চলৰ বহুকেইজন গণ্য মান্য ব্যক্তি , বিদ্যালয় পৰিচালনা সমিতিৰ সমূহ সভ্য সমন্বিতে বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থাকে । উল্লেখযোগ্য যে , অসম চৰকাৰৰ বিদ্যালয় উন্নয়নৰ অভিলাষী আঁচনিৰ অধীনত ১৬ লাখ টকা ব্যয়সাপেক্ষে উক্ত ডিজিটেল পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰটি নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানৰ মাজত বিধায়ক জিতু গোস্বামীয়ে বিদ্যালয় নতুন ভৱন নিৰ্মাণৰ বাবে ইতিমধ্যে প্ৰস্তাৱিত ৭ কোটি টকাৰ আৱন্টন মঞ্জুৰী হৈছে বুলি ঘোষণা কৰে। লগতে আৰু অতিশীঘ্ৰে এই বৃহৎ প্ৰকল্পৰ কাম আৰম্ভ বুলি দোহাৰে ।

এই ঘোষণাই বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজৰ মাজত আনন্দৰ লহৰ তুলিছে । বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা দেৱাহুতি মহন্তই বিদ্যালয়ৰ ডিজিটেল পুথিভঁৰালটো উদ্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বহুদিনীয়া অভাৱ আৰু দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান কৰাৰ বাবে বিধায়কগৰাকীৰ লগতে সকলোৰে বদান্যতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।