নগাঁও

ৰাইডঙীয়াৰ প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী মিত্ৰদেৱ মহন্তৰ দেহাৱসান

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্ৰ নিৱাসী, সমাজকৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা মিত্ৰদেৱ মহন্তই শুকুৰবাৰে নিশা আকস্মিক ভাৱে মৃত্যুক সাৱটি লয়। ৫৪ বছৰীয়া মহন্ত শুকুৰবাৰে নিশা স্বাভাৱিক ভাৱে সন্ধিয়া ফুৰিবলৈ ওলাই গৈ নিশা গৃহত প্ৰৱেশ কৰি আহাৰ গ্ৰহণৰ পাছত হঠাৎ শ্বাস প্ৰশ্বাসৰ সমস্যাত ভুগে, লগে লগে পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

'মুনু' নামেৰে পৰিচিত মিত্ৰদেৱ মহন্তই ছাত্ৰ অৱস্থাৰ পৰাই বৃহত্তৰ অঞ্চলটোৰ সামাজিক, সাংস্কৃতিক কাৰ্যসূচীৰ লগত জড়িত হৈ সমাজসেৱা আগবঢ়াইছিল। ৰাইডঙীয়া পাঁচ আলি শ্বহীদ স্মৃতি ভৱন নিৰ্মাণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা মহন্ত সোনাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্য্যকৰী সদস্য, জাগৰন সাংস্কৃতিক গোষ্ঠীৰ কাৰ্যকৰী সদস্য, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সহ সম্পাদক, ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থাৰপ্ৰাক্তন সভাপতি আৰু সম্পাদক আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ লগত জড়িত হৈ আছিল।

নসত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ থুলেশ্বৰ দেৱৰ মহন্ত মাজু পুত্ৰ মিত্ৰদেৱ মহন্ত আইভেটি আঞ্চলিক পঞ্চায়তৰো সদস্য আছিল। মিত্ৰদেৱ মহন্তৰ আকস্মিক বিয়োগত অঞ্চলটোৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, দুগৰাকী জীয়ৰী, জেষ্ঠ ভাতৃ, কনিষ্ঠ ভাতৃসহ বহু আত্মীয়স্বজনক ইহ সংসাৰত এৰি থৈ যায়।