নগাঁও

কর্মক্ষেত্ৰত মহিলা কৰ্মচাৰীৰ সুৰক্ষা সন্দৰ্ভত আলোচনা সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত "কৰ্মক্ষেত্ৰত মহিলা কৰ্মচাৰীৰ সুৰক্ষা" শীৰ্ষক এক আলোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত এই আলোচনা চক্ৰখন অনুষ্ঠিত হয়।

সভাৰ আৰম্ভণিতে শেহতীয়াকৈ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ধৰ্ষণৰ ফলত প্ৰাণ হেৰুৱা চিকিৎসকগৰাকীৰ আত্মাৰ সদগতিৰ বাবে সকলোৱে এক মিনিট মৌন প্ৰাৰ্থনা কৰে। সভাত জিলাৰ বিভিন্ন বিভাগ, অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াই কৰ্মক্ষেত্ৰত নিজৰ নিজৰ অনুষ্ঠানত মহিলাৰ সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ সম্পৰ্কত মন্তব্য আগবঢ়ায়।

এতিয়াৰে পৰা জিলাখনৰ সকলো কাৰ্য্যলয় ,চিকিৎসালয়, বিদ্যালয়,অনুষ্ঠান-প্ৰতিষ্ঠানসমূহত চি চি কেমেৰা লগোৱাতো বাধ্যতামূলক । চৰকাৰী কাৰ্য্যলয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহত মহিলাৰ বাবে Prevention of Sexual Harassment Committee যদি এতিয়ালৈকে গঠন কৰা নাই অতি সোনকালে গঠন কৰিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে।

সভাত জিলাখনত ই- ৰিক্সা চালকৰ পৰিচয় পত্ৰ, নগৰ অঞ্চলৰ স্পৰ্শকাতৰ অঞ্চলসমূহ সঘনাই পেট্ৰলিং,পোহৰৰ ব্যৱস্থা, ব্যক্তিগত মহিলা হোষ্টেল থকা অঞ্চলসমূহত সুৰক্ষা প্ৰদান আদি বিষয়ৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় । নগাঁও জিলাখনক যাতে মহিলাৰ বাবে সুৰক্ষিত জিলা হিচাপে গঢ়ি তুলিবলৈ জিলা আয়ুক্ত মহোদয়ে সকলোৰে সহায়-সহযোগিতা কামনা কৰে।

আজিৰ এই সভাত জিলাৰ অতিৰিক্ত আয়ুক্ত কাকোমণি শইকীয়া,অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি কলিতা,জিলাৰ সহকাৰী আয়ুক্ত শ্বিদ্যাশ্রী লাংথাছাঁ, জিলাৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে। ইয়াৰোপৰি জিলাখনৰ বিভিন্ন ব্যক্তিগত চিকিৎসালয়, ব্যক্তিগত বিদ্যালয়, শ্বপিং মল, চেলুন, প্ৰাইভেট মহিলা হোষ্টেল, চাকৰিয়াল মহিলা থকা হোষ্টেলৰ সত্বাধিকাৰীসকল, স্বেচ্ছাসেৱী সংগঠন,জিলাখনৰ পৌৰসভাৰ পৌৰপতি আৰু বিষয়ববীয়াসকলৰ লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।