কলিয়াবৰত পহিলা মাঘৰ দিনাই ৭৪৪৪ খন নতুন ৰেচন কাৰ্ড বিতৰণ.. 
নগাঁও

কলিয়াবৰত পহিলা মাঘৰ দিনাই ৭৪৪৪ খন নতুন ৰেচন কাৰ্ড বিতৰণ..

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ 'ভাৰতত নতুন পৰিৱৰ্তন হৈছে।ৰেচন কাৰ্ডৰ বাবে সকলোৰে আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড থকা সকলে লাভ কৰিব উজ্জলা আঁচনিৰ ৰন্ধন গেছ। ৰেচন কাৰ্ড থকাসকলে কাৰ্ডৰ জৰিয়তে চিকিৎসা ব্যয়ৰ বাবদ বছৰত লাভ কৰিব ৫ লাখ টকা। নতুন ৰেচন কাৰ্ড লাভ কৰাসকলে জানুৱাৰী মাহতে চাউল লাভ কৰিব।' কলিয়াবৰত মঙ্গলবাৰে এই মন্তব্য কৰে স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

পহিলা মাঘৰ দিনাই কলিয়াবৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কলিয়াবৰত নতুন ৰেচন কাৰ্ড বিতৰন অনুষ্ঠানত মন্ত্ৰী মহন্তই এই মন্তব্য কৰে। কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২৫ টা গাঁও পঞ্চায়তৰ হিতাধিকাৰীসকললৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণি কাৰ্য উদ্বোধন কৰি ৰাইজক উদেশ্যে দিয়া ভাষণত মহন্তই লগতে কয় ৰেচনকাৰ্ডেই হ'ব চৰকাৰী সুবিধালাভৰ একমাত্ৰ ' লাইফলাইন'।

মহন্তই লগতে কয়, এইবাৰ অসমৰ ৪০ লাখ লোকক ৰেচন কাৰ্ড দিয়া হ'ব। কলিয়াবৰ সমষ্টিত নতুনকৈ দিয়া হ'ব ৭৪৪৪ খন ৰেচন কাৰ্ড। তেওঁ আৰু কয় বিনামূলীয়া অন্ন,বিনামূলীয়া স্বাস্থ্য সেৱা,ৰন্ধন গেছ ,বিনামূলীয়া শিক্ষা আমাৰ চৰকাৰে দিছে।

মন্ত্ৰী কেশৱ মহন্তই লগতে কয় নতুন চৰকাৰী মহাবিদ্যালয় হ'ব পশ্চিম কলিয়াবৰ অঞ্চলত। আই টি আই হ'ব।নাৰ্চিং স্কুল ,আইন মহাবিদ্যালয় হ'ব।আমবাগানত নতুন হাস্পতাল হ'ব।আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰকৈ টকা দিয়া হ'ব বুলিও মহন্তই উল্লেখ কৰে।

কলিয়াবৰৰ নলতলিস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আজি অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ অনুস্থানত কলিয়াবৰ বিধানসভা সমষ্টিৰ ৭ হাজাৰ ৪৪৪ খন নতুন ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হয়। কলিয়াবৰ মহকুমা প্ৰশাসনৰ ব্যৱস্থাপনাত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰ উপস্থিত থাকে।