নগাঁৱত জিলা প্ৰশাসন কৰ্মচাৰীৰ প্ৰতিবাদ...  
নগাঁও

নগাঁৱত জিলা প্ৰশাসন কৰ্মচাৰীৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী। নগাঁও জিলা প্ৰশাসনৰ দুই শতাধিক কৰ্মীয়ে গ্ৰহণ কৰে ধর্ণা কাৰ্যসূচী।

NPS বাতিল কৰি OPS বাহাল ৰখাৰ দাবীৰে গ্ৰহণ কৰে ধর্ণা কাৰ্যসূচী। তদুপৰি জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণণিকৰ পদ সৃষ্টি, মুখ্য সহায়কৰ পদ বৃদ্ধি, জাৰিকাৰক সকলকো অতিৰিক্ত ৩ শতাংশ দৰমহা প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

চৰকাৰে কৰ্মচাৰীসকলৰ দাবী মানি ন'ললে ইয়াতকৈয়ো জংগী আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰে। শুকুৰবাৰৰ লৈকে কৰ্মচাৰীসকলে নগাঁও জিলা ন্যায়ালয়ৰ চৌহদত অব্যাহত ৰাখিব প্ৰতিবাদ।