জিলা প্ৰশাসনৰ উদ্যোগত ১৯০ বছৰীয়া নগাঁও জিলা দিৱস উদযাপন...  
নগাঁও

জিলা প্ৰশাসনৰ উদ্যোগত ১৯০ বছৰীয়া নগাঁও জিলা দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও : ৰাজ্যখনৰ ভিতৰতে অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ জিলা হিচাপে চিহ্নিত নগাঁও জিলাই সোমবাৰে ১৯০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ১৮৩৩ চনৰ ২৭ মাৰ্চত জিলা হিচাপে স্বীকৃতি লাভ কৰা নগাঁও জিলাৰ ১৯০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে নগাঁও জিলা প্ৰশাসনে এদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলা দিৱস উদযাপন কৰিছে। পুৱা নগাঁও চহৰত এক আকৰ্ষণীয় শোভাযাত্ৰা উলিয়াই নগাঁও জিলা দিৱসৰ শুভাৰম্ভ কৰা হয়।

শোভাযাত্ৰা মুকলি কৰি জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কয় যে, আজিৰ দিনটো নগাঁও জিলাবাসীৰ বাবে গৌৰৱৰ দিন। কিয়নো আজিৰ দিনটোতে ১৮৩৩চনত নগাঁও জিলা গঠন হৈছিল।

ভাষণ প্ৰসঙ্গত উপায়ুক্তগৰাকীয়ে জিলাখনৰ সামগ্ৰিক বিকাশৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। জিলাখনৰ সকলো ৰাইজকে ঐক্যবদ্ধ ভাবে জিলাখনৰ উন্নয়নমূলক কাম কাজত জড়িত হ'বলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

সাংস্কৃতিক শোভাযাত্রাত জনপ্ৰিয় অভিনেতা যতীন বৰা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে একাংশ ছাত্ৰ-ছাত্রীয়ে অংশগ্ৰহণ কৰে ।জিলা দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত জিলাখনৰ গাওঁসমূহত গাঁও সভা অনুষ্ঠিত কৰা হয়।

দুপৰীয়া শৈক্ষিক প্ৰতিষ্ঠানত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ছাত্ৰ - ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে নগাঁও দিৱস উপলক্ষে দুপৰীয়া নগাঁও পৌৰসভা সভাকক্ষত 'নগাঁও জিলাৰ অতীত,বৰ্তমান আৰু ভৱিষ্যত' শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাই আঁত ধৰা আলোচনা চক্ৰত নগাঁও মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন সহযোগী অধ্যাপক নৱ কুমাৰ মহন্ত , বিশিষ্ট সাংবাদিক জিতেন বৰকটকীয়ে নগাঁও জিলাৰ ভৌগলিক ইতিহাস, সাহিত্য, সংস্কৃতি, ক্ৰীড়াকে ধৰি সকলো দিশ আলোকপাত কৰি বক্তৃতা প্ৰদান কৰে।

আলোচনা চক্রত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজা শৰ্মাৰ লগতে মহলা আয়ুক্তসকল আৰু বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে । আনহাতে জিলাখনৰ পৰিবহন বিভাগে জিলা দিৱসৰ লগত সংগতি ৰাখি পথ সুৰক্ষা শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত কৰে।

সন্ধিয়া নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক আনুষ্ঠান অনুষ্ঠিত কৰা হয়। 'নগাঁও' শীৰ্ষ গীতৰ সমূহীয়া পৰিবেশনৰে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰা হয়। অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হয়।

তদুপৰি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেবাগৰাকী লোকক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত নগাঁৱৰ ঐতিহ্য আৰু ইতিহাস সম্বলিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।

সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কণ্ঠ শিল্পী কৃষ্ণমণি নাথৰ লগতে কেবাজনো শিল্পীয়ে গীত পৰিবেশন কৰাৰ লগতে কেবাটাও দলে নৃত্য পৰিবেশন কৰে।