২৪ মাৰ্চৰ পৰা বটদ্ৰৱা থানত দৌল যাত্ৰা মহোৎসৱ... 
নগাঁও

২৪ মাৰ্চৰ পৰা বটদ্ৰৱা থানত দৌল যাত্ৰা মহোৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মাজত মাথোঁ কেইটিমান ক্ষণ। আবিৰৰ ৰঙে ৰঙীন হ'ব আকাশ বতাহ। ২৪ মাৰ্চ দেওবাৰৰ পৰা বটদ্ৰৱা থানত অনুষ্ঠিত হ'ব দৌল যাত্ৰা মহোৎসৱ।

আধ্যাত্মিক তথা ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া দৌলযাত্ৰা মহোৎসৱৰ বাবে বটদ্ৰৱা থানত পূৰ্ণ গতিত চলিছে প্ৰস্তুতি।

উল্লেখ্য যে, জগত গুৰু শ্রীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল। সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়।

দৌল উৎসৱৰ প্ৰাকমুহূৰ্তত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ মাজত আনন্দমুুখৰ পৰিৱেশ সৃষ্টি হৈছে। ২৪ মাৰ্চত গন্ধোৎসৱ, ২৫ মাৰ্চত দৌল পূৰ্নিমা আৰু ২৬ মাৰ্চত গোসাঁই ফুৰোৱা উৎসৱ অনুষ্ঠিত হ'ব।