নগাঁও

বেছামাৰী ডা০ এ বি চিদ্দিক জাতীয় বিদ্যালয়ৰ নৱাগত আদৰণি সভাত নিতুমনি শইকীয়া

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱা : "ছাত্ৰ ছাত্ৰী সকল অকল পঢ়া শুনাত চোকা হৈ, নম্বৰ আহৰণ কৰিলে নহ'ব। ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃত জ্ঞান ল'ব লাগিব। তেওঁলোকে নিজক লৈ সপোন দেখিব লাগে। যি নিজক আবিস্কাৰ কৰিব জানিছে, তেওঁ জীৱনত সফল হ'ব পাৰিছে।"

এই মন্তব্য জ্যেষ্ঠ সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ। দেওবাৰে নগাঁও জিলাৰ বেছামাৰী ডা০ এ বি চিদ্দিক জাতীয় বিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভাত সাংবাদিক শইকীয়াই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে।

তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কয় "মই নিজে এতিয়াও নিজকে ছাত্ৰ বুলি ভাবোঁ। ছাত্ৰ-ছাত্ৰীসকলে জীৱনটো গঢ়িবলৈ ত্যাগ কৰিবলৈ লাগিব, জীৱন সজাবলৈ, যদিও মন নাথাকে তথাপিও কিছুমান কথা শুনিবও লাগিব। মোৰ জীৱনৰ শিক্ষাগুৰু হোমেন বৰগোহাঁঞিৰ ছাৰ।

ছাৰৰ আদৰ্শ, ছাৰৰ কথা মই সদায় কঢ়িয়াই লৈ ফুৰো। ছাৰৰ নিৰ্দেশ মৰ্মে মই তোমাঁলোকক ক'ব বিচাৰিছো, জীৱনত সফল হ'বলৈ চাৰিটা শব্দ মালা গাঁঠি লোৱা। সেই চাৰিটা শব্দ হৈছে কলৈ, কিয়, কাৰবাবে আৰু কৰপৰা।

ছাত্ৰ ছাত্ৰী সকলে নিজে কি ভাল পোৱা সেইটোকে কৰিবা, গান শুনিবা ,কবিতা লিখিবা, নাচিবা কেতিয়াবা জোনলৈ লৈ চাবা। জোনলৈ চাই বহুত সপোন দেখিবা, জোনাকী পৰুৱাৰ দৰে সপোন। সপোন দেখাটো বেয়া নহয়। চকু মেলি দেখা সপোনে সাকাৰ ৰূপ ধাৰণ কৰে।

যিবোৰ মানুহে এখোজ আগুৱাই দহ খোজ পিছুৱাই যায়,তেওঁ জীৱনত সফল নহয়। তোমালেকে লক্ষ্য স্থিৰ কৰা আগুৱাই যোৱা।" বুলি সাৱলীল আৰু মৰ্মস্পৰ্শী ভাষণৰ লগতে কবিতা আবৃত্তিৰে ভাষণ সামৰণি মাৰে।

ডা০ এ বি চিদ্দিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষা উজ্বলতা বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে অসম জাতিয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সচিব ড০ নাৰায়ণ শৰ্মা। তেওঁ কয়- "সকলো শিক্ষা মাতৃভাষাৰ মাধ্যমত হব লাগে। আমি ৩০ বছৰ পূৰ্বে এই কথা কৈছিলোঁ। আধুনিক শিক্ষা ব্যৱস্থাই এইটো প্ৰতিপন্ন কৰিছে।

মেডিকেল, ইঞ্জিনিয়াৰিং মাতৃভাষা মাধ্যমত হ'ব লাগে। যিবোৰ দেশৰ মাতৃভাষা ইংৰাজী নহয় যেনে- ফ্ৰান্স, জাপান, জাৰ্মান এই দেশসমূহে নিজৰ ভাষাৰেই আগুৱাই গৈছে। আমাৰ দেশৰ প্ৰথম ন'বেল বঁটা ৰবীন্দ্ৰ নাথ ঠাকুৰে বাংলা ভাষাত গীতাঞ্জলী লিখি পাইছিল। ছাত্ৰ ছাত্ৰী সকলৰ পাঠ্যপুথিৰ পাঠ পঢ়ি নম্বৰ পোৱাতো লক্ষ্য হ'ব নালাগে।

তোমালোকে সময়ৰ সদ ব্যৱহাৰ কৰিলে তোমালোকৰ ভবিষ্যত উজ্বল হব।" বুলি মন্তব্য কৰে। সভাৰ পূৰ্বে গায়ন বায়নৰ সৈতে দুয়ো গৰাকী অতিথিক আদৰি অনাৰ পাছত ডা০ এ বি চিদ্দিক জাতীয় বিদ্যালয়ৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কুহি শীৰ্ষক এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ডা০ এ বি চিদ্দিক জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক চামচুল হক, উপাধ্যক্ষ আনছাৰ আহমেদ, নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি তথা জাতীয় বিদ্যালয় বটদ্ৰৱাৰ অধ্যক্ষ দিলীপ বৰা, হোজাই জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি অতুল কুমাৰ বৰা, মৰিগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উপসভাপতি বিমান হাজৰিকা, হায়দৰ হুছেইনকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত বৰথল দলৈ গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষক, বিশিষ্ট শিক্ষাবিদ ৰাষ্ট্ৰপতি বঁটা প্ৰাপ্ত আব্দুল গফুৰক মানৱ সম্পদ বঁটা ২০২২ বঁটা প্ৰদান কৰা হয়।