নগাঁও

ৰহাত নিচাযুক্ত সামগ্ৰীসহ আটক সৰবৰাহকাৰী..

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰঃ বৃহস্পতিবাৰে ৰহাত এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হয়।কাকতি গাঁও আঞ্চলিক আমছু আৰু পূব কাকতি গাঁও গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে ৰহাৰ পৰা চেঙাজান অভিমূখী কাকতি গাঁও দলঙৰ সমীপত সৰবৰাহকাৰী জনক আটক কৰে। সৰবৰাহকাৰী জনৰ পৰা ১২ টা কণ্টেইনাৰ জব্দ কৰে।

উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহকাৰীজন চেঙাজানৰ মহিদুল ইছলাম। কাকতি গাঁও আঞ্চলিক আমছু আৰু গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক কামপুৰ আৰক্ষী চকীত চমজাই দিয়ে।