নগাঁও

বঢ়মপুৰত বৈদ্যুতিক তাঁৰত লাগিল ডাম্পাৰঃ থিতাতে নিহত ডাম্পাৰ চালক

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত আৰু নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ চলচলি জলাহগাৱঁত শুকুৰবাৰে পুৱাই এক শোকাৱহ ঘটনা সংঘটিত হয়। চলচলি জলাহগাৱঁত দীৰ্ঘদিনে মাটি কঢ়িওৱা ডাম্পাৰে চলাই অহা সন্ত্ৰাসে আজি পুৱাই ভয়াৱহ ৰূপ ধাৰণ কৰে।

দিনে-নিশাই মাটি কঢ়িওৱা ডাম্পাৰে জলাহগাৱঁত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা সময়তে পুৱা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এএছ০২চিচি৭৮৩৪ নম্বৰৰ ডাম্পাৰসহ বিদ্যুৎ পৃষ্ঠ হয় চালকজন। ফলত ডাম্পাৰখনৰ চালক বামুনীৰ আব্দুল ৰফিক ঘটনাস্থলীতে নিহত হয় ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা ডাম্পাৰসমূহৰ বিষয়ে অভিযোগ কৰি আহিছিল যদিও বন বিভাগ আৰু আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহন নকৰিলে। যাৰ ফলশ্ৰুতিত এই ভয়াৱহ ঘটনাটো সংঘটিত হ'ল। যাৰ বাবে এতিয়া স্থানীয় ৰাইজে আৰক্ষী আৰু বন বিভাগৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে। উল্লেখ্য যে চলচলি জলাহগাৱঁত একাংশ লোকে আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি অবৈধভাৱে মাটি খনন কাৰ্য চলাই আহিছিল বুলিও অভিযোগ উত্থাপন কৰিছে ।