ডিজিটেল সংবাদ, কামপুৰ : যি সময়ত কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ নিৱনুৱা যুৱকে ঢাপলি মেলিছে, সেই সময়তে নগাওঁ জিলাৰ কঠীয়াতলীৰ এজন উচ্চ শিক্ষাৰে শিক্ষিত যুৱকৰ সুন্দৰ পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বৰকছাৰী গাঁৱৰ দীনেশ বসুমতাৰী নামৰ যুৱকজনে চৰকাৰী চাকৰিৰ পাছত নদৌৰি ঘৰৰ কাষতে প্ৰতিপালন কৰি আহিছে গাহৰি।
দীনেশে নিজৰ লগতে আন দুজন যুৱককো দিছে কৰ্মসংস্থাপন। দিনে -নিশাই দীনেশে কষ্ট কৰি পালন কৰি আহিছে এই গাহৰিসমূহ।
বৰ্তমান ৪০ টা গাহৰি পোহপাল দিয়া দীনেশে আগন্তক দিনত আৰু উন্নত প্ৰজাতিৰ গাহৰি পালন কৰিব বুলি জানিবলৈ দিয়ে। গাহৰি ফাৰ্মখনক লৈ যথেষ্ট আশাবাদী দীনেশ। ঘৰতে গাহৰি পালনৰে জীৱিকাৰ পথ বাচি লোৱা উচ্চ শিক্ষিত দীনেশৰ এনে পদক্ষেপ এতিয়া শলাগ লৈছে অঞ্চলবাসীয়ে।