নগাঁও

শিক্ষাবিদ যুক্তিনাথ খাউণ্ডৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : শিক্ষাবিদ তথা সমাজকৰ্মী যুক্তিনাথ খাউণ্ডৰ বিয়োগ ৷ বৃহস্পতিবাৰে বিয়লি খাউণ্ডে শেষ নিশ্বাস ত্যাগ কৰে। নগাঁও, আমোলাপট্টি নিবাসী যুক্তিনাথ খাউণ্ডৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

উল্লেখ্য যে, নগাঁও উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰগ্ৰহণ কৰা খাউণ্ড নগাঁও নাট্য সমিতিৰ সভাপতিও আছিল ৷ ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান সন্দিপনী বিদ্যামন্দিৰৰো অন্যতম প্ৰতিষ্ঠাপক আছিল ৷

মহলা আয়ুক্ত হিচাপে কৰ্তব্য পালন কৰা যুক্তিনাথ খাউণ্ড নগাঁও চহৰৰ বিভিন্ন সামাজিক,সাংস্কৃতিক কামৰে জড়িত হৈ আছিল ৷