নগাঁও

নিৰ্বাচন পৰিচালনাত ব্যৰ্থ নগাঁও প্ৰশাসনঃ আৰক্ষীৰ প্ৰহাৰত আহত সংবাদকৰ্মী

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত সংঘটিত হৈছে একাধিক নিৰ্বাচনী অঘটন। নিৰ্বাচন পৰিচালনাত চূড়ান্ত ব্যৰ্থ নগাঁও প্ৰশাসন। নগাঁৱৰ আয়ুক্তৰ কাৰ্যলয়ৰ চৌহদত বৃহস্পতিবাৰে অপদস্থ কৰা হয় সংবাদকৰ্মীক। আৰক্ষীৰ প্ৰহাৰত আহত সংবাদকৰ্মী হেমন্ত দাস।

বাতৰি সংগ্ৰহৰ সময়ত আৰক্ষীৰ আক্ৰমণত ৰক্তক্ষয়ন হয় দাসৰ। বাওঁহাত আঘাটপ্ৰাপ্ত হয় সংবাদকৰ্মী হেমন্ত দাসৰ। এই ঘটনাৰ পিছতে আয়ুক্ত কাৰ্যালয়ৰ চৌহদত উপস্থিত সংবাদ কৰ্মীসকলে আৰক্ষী মুৰ্দাবাদ, জিলা প্ৰশাসন হায় হায় ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিলত সংগদান কৰা বিধায়ক ৰকিবুল হুছেইনক বাধা আৰক্ষীৰ। আয়ুক্ত কাৰ্যালয়ত ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত আৰক্ষীয়ে বাধা প্ৰদান কৰে। বৰদলৈৰ লগত মনোনয়ন দাখিল কৰিবলৈ যোৱা ৰকিবুল হুছেইনক আৰক্ষীয়ে বাধা দিয়াক লৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । এই লৈ তৰ্ক বিতৰ্কৰো সৃষ্টি হয়। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰাৰ কথা ব্যক্ত কৰে ।