কঠিয়াতলীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস... 
নগাঁও

কঠিয়াতলীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস...

Asomiya Pratidin

ডিজিটেল সেৱা কঠীয়াতলী: নগাঁও জিলাৰ কঠিয়াতলীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ৷ গৰুবন্ধা মিকিৰ গাঁৱত বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে নাৰায়ণ চাহু নামৰ এজন লোকৰ বাসগৃহ ৷

কথমপি প্ৰাণৰক্ষা নাৰায়ণ চাহুৰ ৷ খাদ্যৰ সন্ধানত অহা বন্যহস্তীয়ে বাসগৃহটোৰ সকলো আজবাব ভাঙি গৃহহীন কৰে পৰিয়াটোক ৷

বিগত এমাহ ধৰি কন্দলি পাহাৰৰ পৰা অহা হাতীৰ এটা বৃহৎ জাক সিঁচৰিত হৈ কামপুৰ আৰু কঠিয়াতলীৰ বিভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে পথাৰৰ ধান খাই তহিলং কৰিছে ৷