নগাঁও

নগাঁৱত বিজ্ঞান সমাৰোহ আৰু অংগ দান-দেহদানৰ প্ৰয়োজনীয়তা শীৰ্ষক বক্তৃতানুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ ইলোৰা বিজ্ঞান মঞ্চ, নগাঁও শাখাৰ উদ্যোগত আৰু নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সহযোগত শুকুৰবাৰে নগাঁও কলেজ (অট’নমাচ)ত দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈ যায়৷ ৰক্ত, অঙ্গ আৰু দেহ দানৰ জৰিয়তে নিঃস্বাৰ্থ মানৱ সেৱা বৰ্তমান সময়ত অতিকৈ প্ৰয়োজনীয়৷ ভাৰতবৰ্ষৰ জনসংখ্যাৰ প্ৰেক্ষাপটত এই দেহ, অঙ্গ আৰু দেহ দান অতি নগণ্য বুলি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামীয়ে উক্ত অনুষ্ঠানত বক্তব্য প্ৰদান কৰে৷

ইলোৰা বিজ্ঞান মঞ্চৰ জিলা পৰ্যায়ৰ বিজ্ঞান সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত বক্তৃতানুষ্ঠানত ‘অংগ আৰু দেহদানৰ প্ৰয়োজনীয়তা’ শীৰ্ষক এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে ডাঃ মিহিৰ কুমাৰ গোস্বামীয়ে৷ নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজ্ঞান সমাৰোহত জিলা পৰ্যায়ৰ বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ৫৫টা দলে দুটা বিভাগত অংশগ্ৰহণ কৰে৷

নগাঁও মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক হলিৰাম হাজৰিকাই উদ্বোধন কৰা এই বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতাত ৰহা মীন মহাবিদ্যালয়ৰ ড॰ সাৰদা ভাগৱতী, অভিযন্তা ধ্ৰুৱজ্যোতি বৰা, নগাঁও মহাবিদ্যালয়ৰ ড॰ ৰশ্মিৰেখা বৰা আৰু ড॰ ললিত মোহন গোস্বামী আৰু নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গুণেন্দ্ৰ চক্ৰৱৰ্তী বিচাৰক হিচাপে উপস্থিত থাকে৷ ইলোৰা বিজ্ঞান মঞ্চ নগাঁও শাখাৰ কাৰ্যকৰী সভাপতি যজ্ঞেশ্বৰ শৰ্মাই আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি হলিৰাম হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান আৰ্হি উপস্থাপন আৰু প্ৰদৰ্শনৰ জৰিয়তে বিজ্ঞান মনস্ক হোৱাৰো আহ্বান কৰে৷

এই সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত বক্তৃতানুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড॰ ভূৱন চন্দ্ৰ চুতীয়াই আঁত ধৰে আৰু ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি অমৰেন্দ্ৰ নাথ শৰ্মাই সভাপতিত্ব কৰে৷ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড॰ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে আদৰণী ভাষণ প্ৰদান কৰে৷ ভাষণত ড॰ মজিন্দাৰে ইলোৰা বিজ্ঞান মঞ্চক এই বিজ্ঞান সমাৰোহ নগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু এই বক্তৃতানুষ্ঠানৰ জৰিয়তে অংগ আৰু দেহদানৰ প্ৰয়োজনীয়তাৰ সজাগতাৰ বাবে সকলো পক্ষকে আহ্বান কৰে৷

ড॰ মজিন্দাৰে মুখ্য বক্তা ডাঃ গোস্বামীকো তেখেতৰ সজাগতামূলক বক্তব্য আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক সত্যজিৎ ৰায়ে ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যক্ৰমণিকাৰ এক খতিয়ান দাঙি ধৰাৰ লগতে ইতেমধ্যে দেহদান কৰা পৰিয়ালবৰ্গক তেখেতসকলৰ মহানুভৱতাৰ বাবে স্বীকৃতি পত্ৰ প্ৰদান কৰে৷

উল্লেখযোগ্য যে উক্ত অনুষ্ঠিত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতাৰ দুয়োটা বিভাগৰ প্ৰথম স্থান প্ৰাপ্ত ড॰ সঞ্জয় দে তেখেতৰ মাতৃ ‘কৃষ্ণাঞ্জলি দে’ ৰ সোঁৱৰণত আৰু ড॰ দেৰ সহধৰ্মিনী সুতপা বসুৱে তেখেতৰ মাতৃ মন্দিৰা বসুৰ সোঁৱৰণত নগদ ধন আৰু সত্যজিৎ ৰায় আৰু কিৰণশংকৰৰ সহধৰ্মিনী মিনা পলে ‘কিৰণশংকৰ সোঁৱৰণী’ স্মাৰক প্ৰদান কৰে৷ এই বিজ্ঞান সমাৰোহ আৰু বক্তৃতানুষ্ঠানত নগাঁও জিলাৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰী, তত্ত্বাৱধায়ক শিক্ষক-শিক্ষয়ত্ৰী, নগাঁও কলেজৰ অধ্যাপক-অধ্যাপিকা, এন.এছ.এছৰ সদস্য, গৱেষক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷