সন্মুখত বছৰেকীয়া পৰীক্ষা তাৰ মাজতে উচ্ছেদৰ জাননী ৭ খন বিদ্যালয়লৈ... 
নগাঁও

সন্মুখত বছৰেকীয়া পৰীক্ষা তাৰ মাজতে উচ্ছেদৰ জাননী ৭ খন বিদ্যালয়লৈ...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও : নগাঁও-শোণিতপুৰ জিলাৰ সীমামুৰীয়া চৰ-চাপৰি অঞ্চলৰ সাতখনকৈ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলৰ মাজত সম্প্ৰতি বিৰাজ কৰিছে এক হাহাকাৰ পৰিস্থিতিৰ। গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত চৰ চাপৰি অঞ্চলৰ এই সাতখন শিক্ষানুষ্ঠান কেইখন হ'ল পশ্চিম লাঠিমাৰী চৰ এল পি স্কুল, গণেশ টাপু এল পি স্কুল, পূৱ লাঠিমাৰী চৰ এল পি, বাঘাটাপু এল পি স্কুল, গনন্দেৰডুবা এল পি, নৱদ্যোয় এল পি আৰু চিচুগানিতিক এল স্কুল।

গাভৰু শিক্ষা খণ্ড‌ই যোৱা ৭ ফেব্ৰুৱাৰীত জাৰি কৰা SSA/SUNIT/Gabharu/GEN-COREES/2015-16/3814 নম্বৰৰ এক জাননী মৰ্মে ১০ ফেব্ৰুৱাৰীত উল্লেখিত বিদ্যালয়কেইখনৰ যাৱতীয় আচবাব, সা-সামগ্ৰী, নথিপত্ৰ আদি দাঁতিকাষৰীয়া আন বিদ্যালয়লৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, লাওখোৱা অভয়াৰণ্যৰ বনভূমিত বেদখল উচ্ছেদ চলোৱাৰ কুচকাৱাজ চলাই থকা হৈছে ।

এই উচ্ছেদৰ পৰা সাৰি নাযায় শিক্ষানুষ্ঠানৰ লগতে অন্যান্য চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। যাৰ বাবে শিক্ষা বিভাগৰ এই নিৰ্দেশ । এইদৰে শিক্ষানুষ্ঠান কেইখন সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ পিছত আগন্তুক বছৰেকীয়া পৰীক্ষালৈ মাজত মাথো কেইটামান দিন থকাৰ প্ৰাক মুহূৰ্তত ছাত্র-ছাত্ৰীসকলে কেনেকৈ, ক'ত, পাঠগ্ৰহণ কৰিব তাক লৈ চিন্তাত হৈ পৰিছে অভিভাৱকসকল।

সেয়ে আগন্তুক বছৰেকীয়া পৰীক্ষা পৰ্যন্ত উক্ত শিক্ষানুষ্ঠান সমূহত পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে বছৰেকীয়া পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে চৰকাৰক দাবী জনাইছে।