নগাঁও

বীৰ জোঙাল বলহু দিৱস উদযাপন সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু লাঁইখুটা স্থাপন

Asomiya Pratidin

ডিজিটেল সেৱা,কঠীয়াতলী : সোমবাৰে নগাঁও জিলাৰ কঠীয়াতলী উপৰবৰ তিৱা গাঁও প্ৰাথমিক বিদ্যালয় খেলপথাৰত ৩ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা বীৰ ৰজা জোঙাল বলহু দিৱসটো সফলতাৰে উদযাপন কৰাৰ বাবে নগাঁও জিলা উদযাপন সমিতিৰ এখন কাৰ্যকৰী সভাৰ লগতে উক্ত দিনৰ সভামঞ্চৰ লাঁইখুটা স্থাপন কৰা হয়। লাঁইখুটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি শৰৎচন্দ্ৰ পাটৰে।

কাৰ্যকৰী সভাত সভাপতিত্ব কৰে শৰৎচন্দ্ৰ পাটৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক পবিত্ৰ লাডুৱে দিৱস উদযাপনৰ কাম ৮০ শতাংশ হোৱাৰ লগতে অতি কম সময়ৰ ভিতৰতে বাকী কামো সম্পূৰ্ণ হ'ব বুলি সভাক জনায়।

সভাৰ শেষত স্থানীয় শিল্পীসকলে তিৱা জাতীয় সংগীতৰ আখৰা কৰে। সভাত কন্দলী, বামুণী, জৰাবাৰী, লুটুমাৰী, বিলচাআটি, টেপৰ আটি, তেঁতেলীসৰাগ্ৰণ্ট, মহগড়ৰ ৰাইজ উপস্থিত থাকে। উক্ত দিনা তিৱা বীৰ জোঙাল বলহু দিৱসত সকলো, ধৰ্ম জাতি জনগোষ্ঠীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।