ভোগালীৰ পুৱাতে উৰিয়াগাঁৱৰ পহুকটাত অঘটন : খেৰৰ মেজি আৰু গোহালিত অগ্নি সংযোগ... 
নগাঁও

ভোগালীৰ পুৱাতে উৰিয়াগাঁৱৰ পহুকটাত অঘটন : খেৰৰ মেজি আৰু গোহালিত অগ্নি সংযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: উৰুকাৰ নিশা সকলো আনন্দত মতলীয়া হৈ থকাৰ পাছত পুৱা অগ্নিদেৱতাক সেৱা জনোৱাৰ পূৰ্বেই নগাওঁত সংঘটিত হয় এক ভয়াৱহ অগ্নিকান্তৰ ঘটনা। এই ঘটনাত এজন ব্যক্তিৰ খেৰৰ মেজিৰ লগতে গোহালি ঘৰত ঘৰটো জুই লাগে।

এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ উৰিয়াগাঁৱৰ তেলিয়াপহুকটাত। জানিব পৰা মতে তেলিয়া পহুকটাৰ অনিল চন্দ্ৰ বৰাৰ ঘৰৰ খেৰৰ মেজিত অগ্নিসংযোগ কৰে অজ্ঞাত দুস্কৃতিকাৰীয়ে ৷

পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হোৱা এই ঘটনাৰ পাছতে খেৰৰ মেজিৰ জুই গৈ গোহালি ঘৰত লাগে। এই অগ্নিকাণ্ডৰ পাছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

স্থানীয় লোকে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰাৰ সমান্তৰালকৈ অগ্নি নিৰ্বাপক বাহিনীকো খবৰ দিয়া হয়। অগ্নি নিৰ্বাপক বাহিনীৰ দুখকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডত কোনো হতাহতি হোৱা নাই।