নগাঁও

ধিঙত ভয়াৱহ অগ্নিকাণ্ডঃ জাহ গ'ল কুৰিটা গৃহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰিত বুধবাৰে পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, অঞ্চলটোত প্ৰথমে এটা গৃহৰ পৰা জুইৰ সূত্ৰপাত হয়। স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিছিল যদিও সময় মতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ বাবে জুই বাঢ়ি প্ৰায় ২০জন লোকৰ ঘৰ ঝুয়ে আৱৰি ধৰে।

কিছুসময়ৰ পিছত ধিং আৰু বটদ্ৰৱা, মৰিগাঁও আৰু মৈৰাবাৰীৰৰ পৰা চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ দুঘণ্টা সময় জুৰি কৰা চেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয়। ইপিনে চৰকাৰী গাওঁবুঢ়াৰ লগতে স্থানীয় ৰাইজে আহোম গাওঁ আৰক্ষী পহৰা চকীত খবৰ দিয়াৰ পিছতো আৰক্ষী ঘটনা স্থলীত উপস্থিত নোহোৱাত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

এই অগ্নিকাণ্ডত আক্কাছ আলী(৪৫)নামৰ এজন লোক গুৰুতৰভাৱে আহত হোৱাত তেওঁক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁও মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

অগ্নিকাণ্ডত ৰমজান আলী, আজিবা খাতুন, শ্বমলা খাতুন, আক্কাছ আলী, নজৰুল ইছলাম, মুস্তাফা আহমেদ, শ্বৰিফুল ইছলামকে আদি কৰি ২০জন লোকৰ বাসগৃহ জুইত সম্পূৰ্ণ ৰূপে জাহ যায়। এই অগ্নিকাণ্ডত নগদ ২লাখ ২০হাজাৰ টকা, গৰু, ছাগলী, হাহ, কুকুৰা, আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। এতিয়া লৈকে জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।