নগাঁও

ৰহাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাওঁঃ ৰহাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ৰহাৰ খাইগড় ৰাষ্ট্ৰীয় ঘাইপথত খেৰ কঢ়িয়াই অনা চলন্ত বাহনত লাগিল ভয়াবহ জুই। বাহনখন কাৰ্বি আংলংৰ পৰা খানাপাৰা অভিমুখী আছিল ।

ৰাষ্ট্ৰীয় ঘাইপথৰ উপ পথত থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি জুইৰ সূত্ৰপাত হয় । তাৰ পিছতে সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখনে কঢ়িয়াই অনা খেৰখিনি। খেৰ কঢ়িওৱা বাহনখনৰ নম্বৰ হৈছে AS 01 W 9487 । পিছত ৰহা আৰক্ষী আৰু অগ্নিনিৰ্বাপন বাহিনীৰ তৎপৰতাত জুই নোমোৱাবলৈ সক্ষম হয়। উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় দুই ঘন্টা ধৰি বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত ।