নগাঁও

নগাঁও প্ৰেছ ক্লাৱত প্ৰকৃতি আৰু সাহিত্য ভাল পোৱা মহেশ নাথৰ ৫খনকৈ গ্ৰন্থ উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ মানুহজনে হাত দীঘল চোলাটোৰ কোচত লুকুৱাই থৈছে দুই ইঞ্চি দীঘল কেচা দালৰ টুকুৰাটো। মানুহজনৰ ভয় টুকুৰাটো কোনোবাই দেখিলে লৈ যাব পাৰে বুলি। আন যাত্ৰীয়ে যাতে লুকাই থকা ভয়টো দেখা নাপায় তাৰ বাবে মানুহজনে নিজক সংযত কৰি ৰাখিছে। সময়বোৰ পাৰ হৈছে। কলকতা বিমান বন্দৰৰ ৰানৱে পৰা বিমানখন আকাশলৈ বুলি লৰ মাৰিলে ।

গুৱাহাটী বিমান বন্দৰত বিমানখনে অৱতাৰনা কৰাৰ পিছত উশাহ ল’লে মানুহজনে । পিতিকি চালে সোঁ হাতৰ চোলাৰ কোচটো। আছে নে নাই। ঠিকে আছে টুকুৰাটো। মুখত হাঁহি বিৰিঙিল। নগাঁৱৰ বাসগৃহত সেই টুকুৰাটোৱে আৰম্ভ কৰিলে এখন যুদ্ধ । যুদ্ধ খনত জয় হ’ল মানুহজন। তাক লৈ গ’ল কৰ্মক্ষেত্ৰলৈ । হালধিআটিত ইন্দোনেচিয়াৰ গুটিবিহীন নেমুৰ নাৰ্চাৰি সংস্থাপন কৰিলে ।

বৰ্তমান সময়ত গুটি বিহীন নেমু বেচ জনপ্ৰিয়। এই নেমু প্ৰকৃততে ইন্দোনেচিয়াৰ । ইন্দোনেচিয়াৰ গুটি বিহীন নেমু গছৰ টুকুৰা নগাঁৱলৈ আনি তাৰ পৰা গছ পুলি তৈয়াৰ কৰি নেমু উৎপাদন কৰি ইয়াক প্ৰসাৰত নমা মানুহজন হৈছে মহেশ নাথ।

২০০০ চনৰ কথা। জুন জুলাই মাহত মহেশ নাথে জন্ম দিলে গ্ৰীৰ্ণ ব্লৰ্ড নামৰ এটি সংগঠনৰ। উদ্দেশ্য বৃক্ষ ৰোপন। নগাঁৱৰ এদল সাংবাদিকে তেওঁক সহযোগ কৰিলে। লগত কেইজন মান সমাজক ভাল পোৱা মানুহ। প্ৰকৃতিৰ লগত কন-কন ছাত্ৰ-ছাত্ৰীক একাত্মক কৰি প্ৰকৃতি ৰক্ষাৰ এক আন্দোলন আৰম্ভ কৰিছিল মহেশ নাথে। যি সময়ত চৰকাৰে এনে পৰিকল্পনা কৰা নাছিল সেই সময়ত মহেশ নাথৰ পৰিকল্পনাত নগাঁৱত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰত প্ৰথম বৃক্ষ ৰোপন কৰিছিল ।

সাঁচি গছৰ সমানে এতিয়া অতি জনপ্ৰিয় এজোপা গছ হৈছে মেহগনি। আগৰৰ ব্যৱসায়ৰে বিশ্বত জনপ্ৰিয়তা লভা মৌলানা বদৰুদ্দিন আজমল আলিয়ে আৰম্ভ কৰিছিল মেহগনি গছৰ এখন বাগান । মহেশ নাথ উপস্থিত হ’ল এই ব্যৱসায়ীজনৰ ওচৰত। মেহগনিৰ গুটি আদায় কৰি নাথে নাৰ্চাৰী সংস্থাপনৰ সপোন পূৰ কৰিলে । ব্যৱসায়ীজনৰ বাগানত আবদ্ধ মেহগনি ৰাইজৰ মাজলৈ গ’ল মহেশ নাথৰ যোগাত্মক চিন্তাৰ বাবে ।

বৰ্তমান নগাঁৱৰ মৰিকলঙৰ নিবাসী প্ৰকৃতিক ভাল পোৱা মহেশ নাথ পেশাত এজন বনবিষয়া । নগাঁও কাৰ্বিআংলঙৰ ঘন অৰন্যৰ মাজত আক্ৰমনকাৰী বনৰীয়া দতাল হাতীক মৰমেৰে বশ কৰিবলৈ সক্ষম হোৱা এইজন অৰণ্য প্ৰেমী মহেশ নাথে বনাঞ্চলৰ মাজত দিনে নিশাই তহল দিয়াৰ সময়ত হাতত লৈ ঘূৰিছিল এখন ডায়েৰী । অৰন্যৰ মাজত যে সাহিত্যৰ বিষয়বস্তু লুকাই থাকিব পাৰে অনুভব কৰিছিল । ১৯৯০ চনৰ পৰা হাতত লৈ থকা ডায়েৰীত লিপিবদ্ধ কৰিছিল অৰন্যৰ বুকুৰ অভিজ্ঞতা ।

৩৫ বছৰ কাল অৰণ্যৰ মাজত কি পালে তাক শিহৰকাৰী বৰ্ননাৰে মহেশ নাথে ইতিমধ্য প্ৰকাশ কৰি উলিয়াইছে এখনৰ পিছত এখনকৈ ৭খনকৈ গ্ৰন্থ। ইয়াৰ ভিতৰত আছে হাতী মানুহৰ সংঘাত, বাঘ মানেই আতংক নহয়, অৰণ্যৰ দিনলিপি ১, অৰণ্যৰ দিনলিপি ২, বিচ্ছুৰিত বন, বনৰীয়া অৰণ্য, গহন বনৰ অৰণ্য।

প্ৰকৃতি আৰু সাহিত্য ভাল পোৱা মহেশ নাথে প্ৰকৃতিৰ বুকুৰ সংবাদ দি নতুনকৈ আৰু একাধিক গ্ৰন্থ ৰচনা কৰিছে। বন অৰণ্যৰ ভেটিত ৰচনা কৰা নবতম গ্ৰন্থ কেইখন মঙলবাৰে নগাঁও প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰা এই পাঁচখন গ্ৰন্থ উন্মোচন কৰা অনুষ্ঠানত কেইবাজনো বন বিষয়াৰ লগতে বিধায়ক ৰূপক শৰ্মা, কবি সাহিত্যিক শৰৎ বৰকাকতী, গল্পকাৰ শিবানন্দ কাকতী, মানব অধিকাৰৰ কৰ্মী লাচিত বৰদলৈ, সাহিত্যিক চন্দমোহন কাকতী, ধৰনীধৰ বড়ো, অভিজিৎ ৰাভা, থগিত মহন্ত, আকবৰ হুছেইন আদি উপস্থিত থাকে ।