নগাঁও

কামপুৰত বাঢ়নী পানীত ডুবি এজনৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ কামপুৰত সংঘটিত হৈছে অনাকাঙ্খিত ঘটনা। কামপুৰত অৱ্যাহত থকা বানৰ তাণ্ডৱৰ ফলত এজন লোকৰ মৃত্যু হয় ৷

জানিব পৰা মতে দেওবাৰে দিলীপ দাস নামৰ লোকজনে গৰুৰ বাবে ঘাঁহ কাটিবলৈ গৈ বাঢ়নী পানীত ডুব যায়। মৃত লোকজনৰ ঘৰ কেকুঁৰীবাৰীত।

এছ ডি আৰ এফ বাহিনীৰ সহযোগত ইতিমধ্যে দিলীপ দাসৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দাসৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।