নগাঁও

নগাঁৱত 'জিৰণি'ৰ উদ্যোগত বান সাহাৰ্য

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অধীনত তেঁতেলীসৰা গাঁৱত “জিৰণি” বেচৰকাৰী অনুষ্ঠানৰ উদ্যোগত শিবিৰত আশ্ৰয় লোৱা বান পীড়িত লোকসকলক বান সাহাৰ্য প্ৰদান কৰা হয়। প্ৰায় ১০০ৰো অধিক লোকক জিৰণিৰ সহযোগত বান সাহাৰ্য আগবঢ়োৱা হয়৷

আটা, দালি, চেনী, বিস্কুট আদি কৰি বহুতো প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে চাৰ্ফ, চাবোন আদিও বান পীড়িত লোকসকলক প্ৰদান কৰা হয়। বিশেষকৈ শিশুসকলৰ বাবে গাখীৰ,বিস্কুট আদি উপকাৰী বস্তু দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

বান পীড়িত লোকসকলৰ কাষত উপস্থিত থাকে কামপুৰ ৰাজহ চক্ৰ বিষয়া অনন্যা লহকৰ, সন্তৰাম বুঢ়া আতা, নৰেন পাঠক, সতৰাম দাস, উপেন চন্দ্ৰ দাস, বিপুল দাস, মহেশমোহন হাজৰিকা, ৰাতুল কেওঁট, ভক্ত দাস, মাজান দাস, ৰূপাঞ্জলী বৰা আৰু জিৰণিৰ সাধাৰণ সম্পাদিকা চিত্ৰলেখা দাস ৷ “জিৰণি”বেচৰকাৰী অনুষ্ঠানে এই সংকটৰ সময়ত ৰাইজৰ কাষত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে সাধাৰণ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ৷