নগাঁও

ভূমিৰ অধিকাৰ সাৱ্যস্ত কৰি দখলদাৰী কৰা ঘটনাক লৈ জাঙুৰ খাই উঠিছে প্ৰাক্তন বিধায়ক শিলাদিত্য

Asomiya Pratidin

ডিজিটেল সংবাদ,লংকা : লংকাত মাটি ক্ৰয় কৰাৰ পাছতো ভূমিৰ অধিকাৰ সাৱ্যস্ত কৰি দখলদাৰী কৰা এক ঘটনাক লৈ জাঙুৰ খাই উঠিছে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ। লংকাৰ ডাৱলং বিলপাৰত শ্যামল মজুমদাৰ নামৰ এজন ব্যক্তিয়ে ক্ৰয় কৰা ভূমিত জালালউদ্দিন নামৰ এজন লোকে ককাকৰ দিনৰ ভূমি বুলি অধিকাৰ সাৱ্যস্ত কৰাক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিলাদিত্য দেৱে।

এই সন্দৰ্ভত প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে দেশ বিভাজনৰ সময়ত বিনিময় প্ৰথাৰে এৰি যোৱা ভূমিত পুনৰ আহি কাগজ দেখুৱাই অধিকাৰ সাৱ্যস্ত কৰিলে নহ'ব। জোৰ-জৱৰদস্তিৰ দিন নাই। এয়া ভাৰতবৰ্ষ। বাংলাদেশ নহয় বুলি মন্তব্য কৰে।

লগতে তেঁও কয়- বাংলাদেশৰ টিভি চাই প্ৰেৰণা পাই এইদৰে কৰিবলৈ পাহৰি যাব লাগে। বাংলাদেশীয়ে মাটি দখল কৰাতো ভাৰতৰ আইনৰ ভিতৰত নপৰে। জালালউদ্দিনেই হওঁক কিম্বা মুছাৰফ আলিয়েই হওঁক বাংলাদেশৰ টিভি চোৱা বন্ধ কৰি ভাৰতৰ টিভি চাওঁক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ নাম ভালকৈ মনত ৰাখিব লাগিব। বাংলাদেশৰ ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰীৰ নহয় বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।