নগাঁও

কামপুৰত সদৌ অসম কবি সন্মিলনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ ,কামপুৰ: সদৌ অসম কবি সন্মিলনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে পুৱাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত আৰু নগাঁও জিলা কবি সন্মিলনৰ সহযোগত কামপুৰত উদযাপন কৰা হয়। নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই পুৱা সদৌ অসম কবি সন্মিলনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে। কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুন কাকতিয়ে প্ৰতিস্থাপক সভাপতি প্ৰয়াত ৰাম গগৈ প্ৰতিছৱিত মাল্যাৰ্পন আৰু বন্তুি প্ৰজ্বলন কৰে।

নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই সঞ্চালনা কৰা 'কাব্যগুঞ্জন' নামৰ কবিতা পাঠৰ অনুষ্ঠানটোত কবিতা পাঠ কৰে বহু সংখ্যক ন-পুৰণি কবিয়ে। কামপুৰৰ পৰিদৰ্শন বংলাত অনুষ্ঠিত হোৱা কামপুৰ আঞ্চলিক কবি সন্মিলনৰ মাহেকীয়া কবিমেলখনৰ পৰ্যালোচনা কৰে ৰূপম নাথে।

কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সম্পাদক প্ৰদ্যুম্ন বৰাই আঁত ধৰা কবিমেলত উপস্থিত থাকি কবিতা পাঠ কৰে নগাঁও জিলা কবি সন্মিলনৰ তিনিগৰাকী উপ-সভাপতি ক্ৰমে দূৰ্গেশ্বৰ বৰকটকী, শশী কেঁওট আৰু অশোক ৰাম ভট্টাচাৰ্যয়। অনুষ্ঠানটোত নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণ, কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুন কাকতী, গীতাঞ্জলি শৰ্মা অনিল বৰুৱা, মোলান লস্কৰ, প্ৰমোদ বৰা, গীতাঞ্জলি শৰ্মা, অজিতা কাকতী, খগেশ্বৰ বৰা, প্ৰমোদ বৰা, শশী কেওঁট, চন্দ্ৰ বৰা, প্ৰদ্যুম্ন বৰা, শিখা মনি শইকীয়া, কুশল কুমাৰ দাস, মিনাৰাম বৰা, পুৰৱী লস্কৰ, পৱিত্ৰ দাস, কবিতা বৰা, গোলাপ ৰাজখোৱা, হিৰণ্য বৰা, বকুল নাথ, প্ৰদ্যুম্ন বৰাই কবিতা পাঠৰ অনুষ্ঠানত কবিতা আবৃত্তি কৰে।

অনুষ্ঠানটোত উপস্থিত থাকে কামপুৰৰ শিক্ষাবিদ সুধাময় দাস, জেষ্ঠ্য সাংবাদিক সভাৰাম মজুমদাৰ, সমাজকৰ্মী যতীন বৰা, জৰ্ণাদন বৰা, সাংবাদিকদ্বয় নীল কমল শইকীয়া আৰু ৰূপ জ্যোতি ভূঞা আদি।