নগাঁও আৰক্ষীৰ জালত ঠগ-প্ৰৱঞ্চক আব্দুল মালেক... 
নগাঁও

নগাঁও আৰক্ষীৰ জালত ঠগ-প্ৰৱঞ্চক আব্দুল মালেক...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল ঠগ-প্ৰৱঞ্চক আব্দুল মালেক ৷ কামপুৰৰ বহু দুখীয়া লোকৰ ভুৱা তথ্য পাতিৰে বাইক ক্ৰয় কৰি আত্মসাৎ কৰিছিল লাখ লাখ টকা ৷

কামপুৰ বৰপানী অটোমবাইলছʼৰ স্বত্বাধিকাৰী আব্দুল মালেকৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। অভিযোগ অনুসৰি দুখীয়া লোকক অৰুণোদয়ৰ লগতে অন্যান্য চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ প্ৰলোভন দি সংগ্ৰহ কৰিছিল পেন কাৰ্ড, আধাৰ কাৰ্ড আদি।

ইয়াৰ পিছতে এইছ ডি বি ফাইনেন্স নামৰ এটা ঋণদান প্ৰতিষ্ঠানৰ একাধিক বিষয়া-কৰ্মচাৰীৰ সৈতে মিলি নিজা হোণ্ডা টুই হুইলাৰ্ছ ডিলাৰ M/s Borpani Automobiles ৰ পৰা সাধাৰণ ৰাইজৰ ভোটাৰ আই ডি, আধাৰ কাৰ্ড আদি ব্যৱহাৰ কৰি তেওঁলোকৰ নামত ঋণত বাইক ক্ৰয় কৰি লাখ লাখ টকা আত্মসাৎ কৰিছিল।

এই অভিযোগেৰে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত অভিযোগ দাখিল কৰাৰ লগতে নগাওঁ আৰক্ষীকো এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী লোকসকলে। সোমবাৰে নগাঁও আৰক্ষী, কামপুৰ আৰক্ষী আৰু কচুৱা আৰক্ষীয়ে আব্দুল মালেকক আটক কৰে।

ইয়াৰ পিছতে নিশা কামপুৰস্থিত বৰপানী অটমবাইলচত অভিযান চলায় ডিলাৰৰ কম্পিউটাৰকে ধৰি বহু তথ্য পাতি জব্দ কৰিছে।