৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণৰ খবৰঃ কেনে আছে স্বাধীনতা সংগ্ৰামী নবীন কৰণ... 
নগাঁও

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণৰ খবৰঃ কেনে আছে স্বাধীনতা সংগ্ৰামী নবীন কৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ বঢ়মপুৰঃ সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব ৭৭ সংখ্যক স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসৰ অন্তৰালত থকা বহু ঘটনাৰাজিয়ে আজিও সোঁৱৰাই থাকে অজস্ৰজনক।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী হ'ল বঢ়মপুৰ। যি সময়ত পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতাৰ পোহৰৰ সন্ধানত সমগ্ৰ দেশবাসীয়ে মৰণপন যুঁজত অৱতীৰ্ণ হৈছিল, সেই সময়তে গুৰুত্ব লাভ কৰিছিল নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বৃহত্তৰ বঢ়মপুৰ অঞ্চলে।

৪২' ৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত বৰ্তমান কিছুসংখ্যক লোকহে জীৱিত আছে। ইয়াৰ মাজৰে বৰ্তমান নগাঁও জিলাত জীৱিত থকা ৪ গৰাকী মুক্তিযুঁজাৰুৰ অন্যতম জীৱিত এগৰাকী স্বাধীনতা সংগ্ৰামী বঢ়মপুৰৰ বৰবাৰী মাজগাঁও নিবাসী নবীন কৰণ।

চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত এইগৰাকী মুক্তিযোদ্ধাৰ বৰ্তমান বয়স ১০২ বছৰ। সম্প্ৰতি বাৰ্ধক্যই কোঙা কৰা এইগৰাকী মুক্তিযোদ্ধাই চকুৰে ভালকৈ মনিব নোৱাৰে। লোপ পাইছে স্মৃতিশক্তিও বহুখিনি ।

আজিৰ পৰা কেইবছৰমান আগলৈকে স্বাধীনতা আন্দোলনৰ সময়ৰ বহু স্মৃতি ৰোমন্থন কৰি অনৰ্গল কৈ যাব পৰা নবীন কৰণৰ এতিয়া আৰু সেই শক্তি ক্ৰমে হেৰাই গৈছে। ফলত তেওঁক সহায়ৰ প্ৰয়োজন হৈছে আনৰ।

আজিৰ পৰা কিছু বছৰৰ আগলৈকে প্ৰতিটো স্বাধীনতা আন্দোলন আৰু গণৰাজ্য দিৱসৰ চৰকাৰী বা ৰাজহুৱা কাৰ্যসূচীত নিজে গৈ উপস্থিত হৈছিল যদিও এতিয়া তেওঁৰ নাই সেই শক্তি। চাৰিগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানৰ পিতৃ স্বাধীনতা সংগ্ৰামী নবীন কৰণ এসময়ত এজন সফল কৃষক আৰু ব্যৱসায়ী হিচাপে পৰিচিত আছিল।

তেওঁক আজিও সমগ্ৰ অঞ্চলবাসীয়ে এগৰাকী সহজ-সৰল, সন্মানীয় আৰু বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে আদৰ-সন্মান জনাই আহিছে।