নগাঁও ছোৱালী মহাবিদ্যালয়ত গজল সন্ধ্যা সম্পন্ন... 
নগাঁও

নগাঁও ছোৱালী মহাবিদ্যালয়ত গজল সন্ধ্যা সম্পন্ন...

সোণাইপৰীয়া শাখা কবি সন্মিলন, শিল্পী মঞ্চৰ সৌজন্যত অনুষ্ঠিত এই অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁ‌ও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অভিনৱ চিন্তা আৰু পৰিকল্পনাৰে সোনাইপৰীয়া শাখা কবি সন্মিলন আৰু সংগীত শিল্পী মঞ্চৰ সৌজন্যত, সুনীল শইকীয়া সংগীত মহাবিদ্যালয়, নগাঁও ছোৱালী কলেজ, ষ্টাৰলেৱ ডায়েগ্ন'ষ্টিকছৰ সহযোগত সন্ধিয়া এটি "গজল সন্ধ্যা" আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসমৰ প্ৰখ্যাত গজলকাৰ ক্ৰমে আৰিফুল হক, কন্ঠশিল্পী সুৱাগমণি মহন্ত, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়া, বাঁ‌হীবাদক দীপক শৰ্মা আৰু শশীকান্ত নাথে।

আৰিফুল হকৰদুটি গজলেৰে এই গজল-সন্ধ্যা আৰাম্ভ হয়। সংস্কৃত-শিল্পী ৰঞ্জন বেজবৰুৱাই সংস্কৃত আৰু উৰ্দূ দুয়োটা ভাষাতে গজল পৰিৱেশন কৰে। অনুষ্ঠানত অসমৰ উদীয়মান কবি তথা শ্যায়ৰ সঞ্জীৱ সাগৰ চৌধুৰীৰ উৰ্দু অৰু অসমীয়াত ৰচিত ১৪ গজল আৰু নজমৰ এক অভিনৱ সংগীতানুষ্ঠান অনুষ্ঠিত হয়।

ৰাজ্যখনৰ কেইবাগৰাকীও নবীন-প্ৰবীণ কণ্ঠশিল্পী তৰুণ শইকীয়া, জিতু শ্ৰাৱণ, কানু কন্দলী, কুমাৰ কিশোৰ, কল্পিতা দেৱী, স্বপ্নালী কলিতা, নিলোৎপল গায়ন নিপু মেধি আৰু নিভাৰাণী বৰাই নগাঁ‌ও ছোৱালী কলেজৰ "ৰংগম" প্ৰেক্ষাগৃহত উপস্থিত প্ৰায়'দুই শতাধিক লোকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। লগতে প্ৰাঞ্জল বৰা, মুকুল বৰা, অভিষেক ধৰ, অতুল মহন্ত, দুলু বৰা, ৰক্তিম লস্কৰ বাবুল বৰাৰ দৰে নিপুন বাদ্যশিল্পীয়ে বাদ্য সংগত কৰে।

গজল সন্ধ্যাত নগাঁ‌ও ছোৱালী কলেজৰ অধ্যক্ষ ড০ কুলেন চন্দ্ৰ দাস, গল্পকাৰ শিৱানন্দ কাকতি, লেখক পুনিৰাম শইকীয়া, সাংবাদিক অজয় মাহাতু, কবি-গল্পকাৰ ড° গিৰীন্দ্ৰ নাথ, ডুগডুগীৰ স্বত্বাধিকাৰ উৎপল বণিয়া, বিশিষ্ট কবি মদাৰজ্যোতি, নতুন কবিতাৰ সম্পাদক মৃদুল চহৰীয়া, কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা, সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ, নগাঁ‌ও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দ্বিজেন্দ্ৰনাথ হাজৰিকা, বৰ্তমানৰ সভাপতি দুৰ্গেশ্বৰ কৰকটকী, মৰিগাঁ‌ও জিলা কবি সন্মিলনৰ প্ৰাঃ আৰু বৰ্তমানৰ সভাপতি ক্ৰমে আবুল হাচান আল কামান আৰু অনুৰুদ্ধ ডেকা, লেখিকা কৰৱী লিগিৰা, মিনতি দেৱী কাকতি কৰৱী শইকীয়া, দক্ষিণা দেৱী গজুৰেল, কবি কুমাৰ বিভুতিকে প্ৰমুখ্য কৰি বহুকেইগৰাকী গণ্যমান্য লোক উপস্থিত থাকে।

অনুষ্ঠানৰ শেষত সদ্য প্ৰয়াত সংগীত শিল্পী আতিকুৰ ৰহমান আৰু দীগেন মহন্তৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট মৌনপ্ৰাৰ্থনা কৰা হয়।