নগাঁও

ৰামপুৰ সত্ৰৰ পৰা জুৱাৰী আটকঃ জুৱাত ব্যৱহৃত সামগ্ৰী আৰু নগদ ধন জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ সত্ৰৰ পৰা দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই দুজন জুৱাৰী আটক কৰে।

গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষীয়ে আটক কৰা জুৱাৰী দুজন ক্ৰমে সুৰুজ আলী আৰু ইক্ৰামূল হক।

দুয়োৰে ঘৰ ৰামপুৰ সত্ৰত বুলি জানিব পৰা গৈছে। জুৱাৰী দুজনৰ পৰা আৰক্ষীয়ে জুৱাত ব্যৱহৃত সামগ্ৰীৰ লগতে নগদ ধন জব্দ কৰে।