ইৰিক্সা চলাই পৰিয়াল চলোৱা গংগোত্ৰীও উত্তীৰ্ণ হ'ল উচ্চতৰ মাধ্যমিকত... 
নগাঁও

ইৰিক্সা চলাই পৰিয়াল চলোৱা গংগোত্ৰীও উত্তীৰ্ণ হ'ল উচ্চতৰ মাধ্যমিকত...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: অদম্য সাহস আৰু দৰিদ্ৰতাক নেওচি জীৱন সংগ্ৰামত ব্ৰতী এগৰাকী ছাত্ৰী আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বিষয়টোৱে নগাঁৱত ব্যাপক চৰ্চা লাভ কৰিছে। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গংগোত্ৰীয়ে এক জটিল জীৱন সংগ্ৰামত ব্ৰতী হ'বলগা হয়।

নিজৰ পিতৃ ৰঞ্জন হাজৰিকা বৃক্ক ৰোগত আক্ৰান্ত হোৱাত সমগ্ৰ পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল'ব লগা হয় গংগোত্ৰীয়ে। মাক লিপিকা বৰা হাজৰিকা স্বামী ৰঞ্জন হাজৰিকাৰ পৰিচৰ্যাত ব্যস্ত থাকিব লগা হয়।

নগাঁৱৰ উৰিয়াগাওঁস্থিত শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী গংগোত্ৰীয়ে নিজৰ পিতৃ -মাতৃক পোহপাল দিবৰ বাবে ইৰিক্সা চলাব লগা হয়।বিশেষকৈ পিতৃৰ ঔষধ ক্ৰয় কৰিবলৈ অতি কষ্ট কৰিবলগীয়া হয়।

টমটম চলাই জীৱিকা নিৰ্বাহ কৰা গংগোত্ৰীয়ে বিদ্যালয়ত নিয়মিতভাবে অধ্যয়ন কৰে। বিদ্যালয় ছুটিৰ পিছত ইৰিক্সা চলাই উপাৰ্জন কৰা ধনেৰে পৰিয়ালৰ ভৰণ পোষণৰ খৰছ উলিয়াই। ঘৰত পঢ়িবলৈ বিশেষ সময় নোপোৱা ছাত্ৰীগৰাকীয়ে টমটম চলোৱাৰ সামান্তৰালভাবে পুৱা -গধূলি আন কামো কৰিবলগীয়া হয়।

এফালে অধ্যয়ন আৰু আনফালে জীৱন সংগ্ৰাম। এনে পৰিস্থিতিৰ মাজতে গংগোত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কলা শাখাৰ ছাত্ৰীগৰাকীয়ে আজি ঘোষিত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।

মনত প্ৰৱল ইচ্ছাশক্তি থাকিলে জীৱন সংগ্ৰাম আৰু দৰিদ্ৰতা শিক্ষা গ্ৰহণত বাধা হ'ব নোৱাৰে কথাকেই পুনৰ প্ৰতিপন্ন কৰিলে গংগোত্ৰীয়ে। অতি কষ্টৰে কাৰো সহায় নোহোৱাকৈ পৰীক্ষাত উত্তীৰ্ণ হোৱাত ছাত্ৰীগৰাকীৰ জন্মঠাই নগাঁও চহৰৰ নাতিদূৰৈৰ পোটনি সোনাৰি গাঁৱৰ ৰাইজে প্ৰশংসা কৰাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে।

ইপিনে বিদ্যালয়খনৰ কৰ্তৃপক্ষয়ো ছাত্ৰীগৰাকীৰ শলাগ লয়। ভবিষ্যতে এগৰাকী ভাল আৰক্ষী বিষয়া হোৱাৰ মন গংগোত্ৰীৰ।