চিলাৰায় দিৱস উদযাপনৰ বাবে সাধাৰণ সভা সম্পন্ন...  
নগাঁও

চিলাৰায় দিৱস উদযাপনৰ বাবে সাধাৰণ সভা সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ডিমৌ আঞ্চলিক সমিতিৰ লগতে বৃহত্তৰ নগাঁওবাসী ৰাইজ, মৰিগাঁও জিলাৰ আক্ৰাছুৰ সহযোগত আগন্তুক ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'বলগীয়া মহাবীৰ চিলাৰায়ৰ ৫১৪ সংখ্যক জন্মজয়ন্তী "চিলাৰায় দিৱস"ৰ বাবে আজি এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। নগাঁও জিলাৰ ডিমৌ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ললিত ডেকাই।

সভাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথভাৱে ৫১৪ তম চিলাৰায়ৰ দিবস উৎযাপনৰ বাবে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। কেন্দ্ৰীয় সমিতিৰ সংগঠনিক সম্পাদক ৰাতুল ৰাজবংশীয়ে আঁত ধৰা সভাত ৫১৪ তম চিলাৰায়ৰ দিৱস উদযাপনৰ বাবে অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

সভাই সৰ্বসন্মতিক্ৰমে ললিত ডেকাক সভাপতি, শিবনাৰায়ন বৰাক কাৰ্যকৰী সভাপতি, পৰেশ ডেকা আৰু পংকজ বৰাক যুটীয়া সম্পাদক, বিত্ত সম্পাদক ৰাতুল ৰাজবংশী, স্মৃতি গ্ৰন্থ উপ-সমিতিৰ বাবে সভাপতি হেমন্ত বিকাশ ডেকাক সভাপতি, সুভাষ ডেকাক সম্পাদক, সংস্কৃতিক উপ-সমিতিৰ বাবে চানু ডেকাক সভাপতি, কৃষ্ণ ডেকাক সম্পাদক, প্ৰচাৰ উপ-সমিতিৰ বাবে দিব্যজ্যোতি বৰুৱাক সভাপতি, তৰুণ বৰুৱাক সম্পাদক, শুভাযাত্ৰা উপ-সমিতিৰ বাবে জিতু ডেকাক সভাপতি, খৰ্গৰাম ডেকা, ৰাজু ডেকাক সম্পাদক, খাদ্য উপ-সমিতিৰ বাবে মুকুত ডেকাক সভাপতি, অবিনাশ ডেকা, প্ৰেমেশ্বৰ ডেকাক সম্পাদক হিচাপে লৈ ৭১ জনীয়া উদযাপন সমিতি গঠন কৰা হয়।

সভাত আক্ৰাছুৰ মূল গোটৰ সভাপতি ক্ষিতিক্ষ বৰ্মনৰ লগতে বলোৰাম বৰ্মন, অতুল বৰ্মন অন্য, বিষ্ণু জ্যোতি ৰয়, হেমন্ত বৰা, মৰিগাঁও জিলা আক্ৰাছুৰ সম্পাদক পৰেশ ডেকাকে আদি কৰি দুই শতাধিক লোক উপস্থিত থাকে।