ৰামায়ণৰ প্ৰসংগৰে বিজেপিক সমালোচনা গৌৰৱ গগৈৰ... 
নগাঁও

ৰামায়ণৰ প্ৰসংগৰে বিজেপিক সমালোচনা গৌৰৱ গগৈৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ সাংসদ গৌৰৱ গগৈৰ মুখত ৰামায়ণৰ প্ৰসংগ। ভাষণৰ মাজতে আওপকীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৰিলে ৰাৱণৰ সৈতে তুলনা। সাংসদ গগৈয়ে কয়, জ্ঞানী ৰাৱণৰ নিজৰ অহংকাৰী স্বভাৱৰ বাবেই এদিন সকলো ধ্বংস হৈছিল। সেই দিন সমাগত বিজেপিৰ। অহংকাৰীৰ পতন বিজেপিৰ একেই দশা হ'ব।

শুকুৰবাৰে ধিঙৰ কটহগুৰি ইদগাহ ময়দানৰ চাৰিসীমাৰ পকীদেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠান আৰু দলীয় সভাত সাংসদ গৌৰৱ গগৈয়ে এইদৰেই বিজেপি চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়।

স্থানীয় বিধায়িকা শিৱামণি বৰাকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ শতাধিক নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত এ আই ইউ ডি এফক বিজেপিৰ আত্মা বুলিও কয়। লগতে তেওঁ কয়, এই আত্মাক উৎখাত কৰিলে বিজেপি একে নিশাই শেষ হৈ যাব। সেই বাবে অসমৰ ৰাইজে সাম্প্ৰদায়িক এ আই ইউ ডি এফক নিশেষ কৰাৰ প্ৰয়োজন।