নগাঁও

মৰিকলঙৰ শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰৰ সম্পাদক গোবিন চন্দ্ৰ শইকীয়াৰ পৰলোকপ্ৰাপ্তি..

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও জিলাৰ সদৰ সমষ্টিৰ ২৪নং মহলাৰ মৰিকলং নিবাসী গোবিন চন্দ্ৰ শইকীয়াৰ পৰলোকপ্ৰাপ্তি। প্ৰায়ত গুনাৰাম শইকীয়া আৰু নুমলী শইকীয়াৰ সন্তানৰ দ্বিতীয় পুত্ৰ শইকীয়াদেৱ আছিল এজন ধৰ্ম্ম প্ৰৰায়ণ ব্যক্তি। নগাঁও বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া তথা মৰিকলঙৰ শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰৰ সাধাৰণ সম্পাদক আছিল শইকীয়া।

আজি পুৱা প্ৰায় ৯:৫০ বজাত পৰলোকপ্ৰাপ্তি হোৱা শইকীয়াদেৱৰ মৃত্যু সময়ত বয়স আছিল ৭২ বছৰ ৷ দীৰ্ঘদিনৰ ধৰি গুৰুত্বৰ ৰোগত আক্ৰান্ত হৈ থকা প্ৰয়াত শইকীয়াই যোৱা ২৬ জানুৱাৰীত নতুন দিল্লীত চিকিৎসা গ্ৰহণ কৰি উভতি আহে। চিকিৎসাৰ পৰা ঘৰলৈ উভতি অহা শইকীয়া সুস্থ অৱস্থাত আছিল যদিও হঠাৎ পুনৰ অসুস্থ হৈ পৰে৷

উল্লেখ যে, বহুবছৰ সহকাৰী সম্পাদকৰ দায়িত্ব পালনৰ পাছত ২০১২ চনৰ পৰা মৰিকলং শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি মৃত্যুৰ সময়লৈকে সুচাৰুৰূপে দায়িত্ব পালন কৰিছিল প্ৰয়াত শইকীয়াই । ১৯৯৬ চনত কামপুৰ টাউনৰ শান্তিপট্টি নিবাসী প্ৰয়াত শশধৰ বৰা আৰু প্ৰয়াত গোলাপী বৰাৰ জ্যেষ্ঠা কন্যা তথা বৰ্তমান গ্ৰমোন্নয়ণ বিভাগৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ গাণনিক হিছাপে কৰ্মৰত কল্পনা বৰা শইকীয়াৰ লগত বিবাহ পাশত আবদ্ধ হয়। প্ৰয়াত শইকীয়াই ২০১০ চনৰ ৩১মাৰ্চত নগাঁও বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ পৰা গাণনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ৷

মৃত্যুৰ সময়ত পত্নী-পুত্ৰক এৰি থৈ যায় শইকীয়াই ৷ শইকীয়া দেৱৰ মৃত্যুত মৰিকলং অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ৷